অসমশীৰ্ষ

ওদালগুৰিত বন্য হস্তীৰ কৰুণ মৃত্যু

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ভূটান সীমান্তৱৰ্তী অঞ্চলটোত ইমান দিনে উপদ্ৰৱ চলাই অহা লাডেন নামেৰে পৰিচিত বন্যহস্তীৰ মৃতদেহ খেতিপথাৰত উদ্ধাৰ হ’য়৷যোৱা কেইবছৰ ধৰি ভূটান সীমান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা লাডেন নামৰ হাতীৰ আক্ৰমণত নিহত হৈছিল একুৰিৰো অধিক লোক৷ কি পৰিস্থিতিত কেনেকৈ কি কাৰণত বন্যহস্তীৰ মৃত্যু হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ স্থানীয় ৰাইজে ৰাতিপুৱা বন্যহস্তীৰ মৃতদেহ দেখা পাই ধূপধূনা দিয়াৰ লগতে সেৱা জনায়৷৷অসম চৰকাৰ তথা বিটিচি চৰকাৰ বনবিভাগৰ গাফিলতিৰ বাবে ভূটান সীমান্তত হাতী-মানুহৰ সংঘাতত কেতিয়াবা বন্যহস্তীৰ মৃত্যু হ’য় আৰু কেতিয়াবা মানুহৰ ৷

Related Articles

Leave a Reply

Close