অসমশীৰ্ষ

ওদালগুৰিৰ ডিমাকুছিত ভয়াৱহ পথ দূৰ্ঘটনা

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ওদালগুৰি তামুলপুৰ সংযোগী পথত ডিমাকুছিত কিছু সময় আগতে ভয়াৱহ পথ দূৰ্ঘটনা সংঘটিত হয় । আজি 6.30 মান বজাত ওদালগুৰি ৰ পৰা এ. এছ. – 01-বি- এক্স 7313 নম্বৰৰ মাৰুতি চেলেৰিউ গাড়ী খনে একে দিশৰ পৰা চাইকেল আৰোহী এজনক খুন্দিয়াই আহত কৰে । আহত ব্যক্তিজন ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ডিমাকুছি গাঁৱৰ অতুল ডেকা (45) বুলি চিনাক্ত কৰা হৈছে । আহত ব্যক্তিজনক সংকটজনক অৱস্থাত ডিমাকুছি আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা স্থলিত উপস্থিত নহল ১০৮ এম্বুলেঞ্চ সেৱা , যাৰ ফলত আৰক্ষীৰ বাহনেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ওদালগুৰিৰ পৰা গুৱাহাটী অভিমূখে আহি থকা গাড়ীখন ইতিমধ্যে ডিমাকুছি আৰক্ষীয়ে কৰায়ত্ত কৰে ।

Related Articles

Leave a Reply

Close