অসমশীৰ্ষ

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ভুটিয়াচাংৰ মইনাপূৰিত পুনৰ মৃত্যু হল বনৰীয়া হাতীৰ।যোৱা নিশা গাঁও খনত প্ৰায় 80/90 টা হাতীৰ বৃহৎ জাক এটাই গাঁওখনত প্ৰৱেশ কৰি খেতি পথাৰ সমূহ তহিলং কৰে। অৱশেষত আজি পুৱা ৰাইজে ঘটনাসস্থলীত এটা 12/13 বছৰীয়া হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে আৰু বন বিভাগ খবৰ দিয়ে|হাতীৰ মৃত্যুৰ কাৰণ জানিবপৰা হোৱা নাই ৷বৰ্তমান ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্তৰ আৰম্ভ কৰাৰ লগতে হাতীটোৰ মৰোনোত্তৰ পৰীক্ষা আৰম্ভ কৰে।উল্লেখ যে চলিত বৰ্ষত ওদালগুৰি জিলাত ১৯ জনকৈ নিৰিহ লোকৰ মৃত্যুৰ বিপৰিতে ৬ টাকৈ বনৰীয়া হাতী মৃত্যু হৈছে ৷হাতী-মানুহৰ সংঘাতৰ ফলত চলিত বৰ্ষতে গৃহহাৰা হৈছে দুশৰো অধিক লোক ৷সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগটো ৷

Related Articles

Leave a Reply

Close