অসমশীৰ্ষ

ওদালগুৰিৰ ভেৰগাঁৱত বি জে পিৰ গান্ধী সংকল্প যাত্ৰা

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ভাৰতীয় জনতা পাৰ্টিয়ে এক গান্ধী সংকল্প যাত্ৰা উলিয়াই ৷ ওদালগুৰিৰ ভেৰগাঁৱৰ পৰা অসম ভুটান সীমান্তৰ ডিমাকুছি বৰঙাজুলি সত্ৰ লৈ। দিনৰ ভাগত দলটোৰ কৰ্ম কৰ্তা সকলে এই সংকল্প যাত্ৰা ভেৰগাঁৱৰ পৰা পুৰণি ভেৰগাঁৱ হৈ প্ৰায় ১৮ কিঃ মিঃ বাট পদ যাত্ৰা কৰি যায়। গান্ধীজীৰ নীতি আদৰ্শ সৰোগত কৰি অনুষ্ঠিত কৰাএই সংকল্প যাত্ৰত কাৰ্যবাহী সদস্য শান্তিয়াচ কুজুৰ , সাংসদ দিলিপ শৰকীয়া , মঙলদৈ সমষ্টিৰ বিধায়ক গুৰু জ্যোতি দাসকে ধৰি ওদালগুৰি জিলা বিজেপিৰ সদস্যবৃন্দৰ লগতে প্ৰায়  তিনি সহস্ৰাধিক কৰ্ম কৰ্তা উপস্থিত থাকে। সমদল যাত্ৰাৰ অনুষ্ঠিত হোৱা সভাত সাংসদ দিলীপ শৰকীয়া আৰু বিজেপি নেতাবৃন্দই জাতিৰ পিতা মহাত্মা গান্ধীৰ নীতি-আদৰ্শ, লক্ষ্য-উদ্দেশ্য আৰু সংকল্প সন্দৰ্ভত ভাষণ প্ৰদান কৰি গান্ধীৰ নীতি-আদৰ্শক মানি চলি গান্ধীৰ লক্ষ্য-উদ্দেশ্য আৰু সংকল্পক সফল ৰূপ দিবলৈ উপস্থিত জনতাক আহ্বান জনায়।

Related Articles

Leave a Reply

Close