অসম

কপিলীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ ,বুলন চন্দ্ৰ নাথ ,ৰহা ১৩ অক্টোবৰ :-

ৰহা আৰক্ষী থানাৰ অন্তৰ্গত
বামুনীজানত বৃহস্পতিবাৰে কপিলী নদীত নিখোজ হোৱা ৰহাৰ দীঘলদৰিৰ তপন নাথ নামৰ যুৱকজনৰ মৃতদেহটো আজি উদ্ধাৰ হয় । ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ পশ্চিমে সৰিয়হতলীত পুৱা একাংশ লোকে মৃতদেহটো পানীত উটি অহা দেখি আৰক্ষীক খবৰ দিয়ে আৰু ৰহা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা এটি কন্যা সন্তানৰ পিতৃ তপনে ৰহস্যজনকভাৱে ৰহাৰ দীঘলদৰিৰ পৰা আহি বামুণীজানত কপিলী নদীত পৰিছিল। পিচত দুৰ্যোগ প্ৰশমন বিভাগে তিনিদিন ধৰি কপিলী নদীত অভিযান চলায়ো উদ্ধাৰ কৰিব পৰা নাচিল ৷ অৱশেষত চাৰিদিনৰ পিচত ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ পশ্চিমে মৃতদেহটো উদ্ধাৰ হয় ৷ পৰিয়ালৰ সূত্ৰই জনোৱা মতে
যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল তপন নাথ । মবাইলৰ চুইচ অফ , কপিলীৰ পাৰত চেন্দেল উদ্ধাৰ হোৱাৰ পাছত সৃষ্টি হৈছে বহু ৰহস্যৰ । কলঙৰ পাৰৰ পৰা আত্মহত্যা কৰিবলৈ কিয় কপিলীৰ পাৰলৈ গল সিও ৰহস্যৰ বিষয় ।দীঘলিআটি ৰেল গেটৰ পৰা বামুনিজান লৈ টেম্পুত যোৱা তপন কিয় সৰাগাও ত নিজা ই ৰিক্সা খন থৈ দুজন যুৱকৰ লগত মটৰ চাইকেলখন ত দীঘলিআটি লৈ গৈছিল । পুৱতি নিশা ফোন কৰি লগ কৰিবলৈ অহা যুৱক দুজন কোন ।পুৱাৰে পৰা তপনে কাৰ কাৰ লগত ফোনত কথা পাতিছিল ।নগাৱলৈ যাম বুলি কৈ কিয় বামুনিজান গল । কপিলীত জাপ মৰাৰ সলনি কিয় নামি গল পানীলৈ । পাৰত থকা যুৱক দুজন কোন ।বহু কথাৰ খেলিমেলি হৈ থকা ঘটনাটো ৰ ৰহস্য ৰ সত্য উদঘাটন হব আৰক্ষীৰ প্ৰকৃত তদন্ততহে ।

Related Articles

Leave a Reply

Close