অসমশীৰ্ষ

কামৰূপ জিলাৰ অন্ধতা মুক্ত গাওঁ

প্ৰথম খবৰ, ৰঙিয়া :সোনালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰিব দেশৰ অন্যতম আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয় । উত্তৰ-পূৰ্ৱাঞ্চলৰ ভিতৰতে এই অগ্ৰণী চকু চিকিৎসা প্ৰতিষ্ঠানটো অহা ১৪ অক্টোবৰ তাৰিখে ২৫ বছৰত ভৰি দিব। এই উপলক্ষে চিকিৎসা প্ৰতিষ্ঠানটোৱে সমগ্ৰ অসম বাসীৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে । চিকিৎসালয় খনৰ সামূহিক চকু চিকিৎসা প্ৰকল্পৰ অধীনত কামৰূপ জিলাৰ চয়ানী ব্লকৰ বৰদুৱা অঞ্চলৰ অন্তৰ্গত ১০খন গাঁওক আজি অন্ধতামুক্ত গাও হিচাপে ঘোষণা কৰা হ’ল। কামৰূপ জিলাৰ পাৰ্লি হুদুমপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই ঘোষণা কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ স্বাাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কুমুদ লাল শইকীয়া আৰু বিশেষ অতিথি হিচাপে নেত্ৰালয়ৰ অধ্যক্ষ তথা ট্ৰাষ্টি ডা: হৰ্ষ ভট্টাচাৰ্য উপস্থিত থাকে। ভাষন প্ৰসংগত ডাঃ ভট্টাচাৰ্যই কয় যে পৃথিৱীৰ জনসংখ্যাৰ বৰ্তমান ৩৬ নিযুত অন্ধ, ২১৭ নিযুত জনসংখ্যা মধ্যমীয়াভাৱে দৃষ্টিসম্পন্ন আৰু ভাৰতৰ ১৫ নিযুত জনসংখ্যা অন্ধতাই গ্ৰাস কৰা; কিন্তু আশ্চৰ্যজনকভাৱে ইয়াৰে ৭৫% পৰিবৰ্জনীয়। সুখৰ বিষয় যে এই খবৰে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলৰ মাজত আশাৰ ৰেঙণিৰ সঞ্চাৰ কৰিছে। শ্ৰী শংকৰদেৱ নেত্ৰালয়ে “Opearation Eyesight Universal” নামৰ এটি আন্ত:ৰাষ্ট্ৰীয় বেচৰকাৰী প্ৰতিষ্ঠানৰ কাৰিকৰী সহায়তাৰ জৰিয়তে এই প্ৰকল্প পৰিচালনা কৰিছিল।

Related Articles

Leave a Reply

Close