অসমশীৰ্ষ

কোদালধোৱাত কোৰাইটাৰি ভিচিডিসিৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰণৰ প্ৰথম গাওঁ সভা অনুষ্ঠিত

প্রথম খবৰ , ফকিৰাগ্রাম , কিশোৰ মিশ্রা:ৰাজ্যৰ সমগ্ৰ জিলাৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ন খণ্ডৰ অন্তৰ্গত কোৰাইটাৰি ভি সি ডি সিৰ কোদালধোৱা গাঁৱত আজি সব কী যোজনা সব কী বিকাশ আমাৰ গাওঁ আমাৰ আঁচনি ২০২০-২১ বৰ্ষৰ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰণৰ প্ৰথম গাওঁ সভা অনুষ্ঠিত হয়।উক্ত সভাত অতিথি হিসাবে উপস্থিত থাকে দোতমা উন্নয়ন খণ্ডৰ জ্যেষ্ঠ পৰিদৰ্শক পাতৰ , কালঝাৰ ভিচিডিচিৰ সভাপতি নিজামুদ্দিন গ্রাম সেৱক ফটিক দেবনাথ ,পি এচ ইৰ প্রকাশ চন্দ্র দাস , এম ডি ৰফিয়াল হক সহ  ,নুজুরুল ইসলামে ।উক্ত গাওঁ সভা খনত সভাপতিত্ব কৰে কোৰাইটাৰি ভিচিডিচিৰ সভাপতি ছাহজাহান আহমেদে।উক্ত সভাত জাতিৰ পিতা মহাত্মা গান্ধী জন্ম জয়ন্তী উপলক্ষে আলোকপাত কৰাৰ লগতে ফিট ইণ্ডিয়া মুভমেন্ট(Fit India movement), ২০২০-২১বিত্তীয় বৰ্ষৰ গাওঁ পঞ্চায়ত পৰিকল্পনা প্ৰস্তুত কৰণ অভিযান, মিশন অন্তোদয়া তথ্য প্ৰস্তুতকৰণ আৰু জিপিডিপিৰ বিভিন্ন পৰ্য্যায়ৰ কমিটিবোৰ অনুমোদন সম্পৰ্কে আৰু পঞ্চায়ত খনৰ বিভিন্ন বিষয়কলৈ আলোচনা কৰা হয়। গাওঁ সভা খনত প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close