অসমশীৰ্ষ

খেৰণিত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাংবাদিক

প্ৰথম খবৰ,খেৰণি:পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত পথ দুৰ্ঘটনা। তীব্ৰবেগী টেম্প’ৰ খুন্দাত পত্নীসহ স্থানীয় সাংবাদিক জয়ৰাম কাথাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। দুই সন্তানক বিদ্যালয়ত থৈ মটৰ চাইকেলেৰে ঘৰলৈ উভতি যোৱাৰ পথত পিছফালৰ পৰা খুন্দা মাৰে টেম্প’খনে। খেৰণি ডনবস্ক স্কুলৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো। নম্বৰ বিহীন টেম্প’ৰ খুন্দাত গুৰুতৰ ভাৱে আহত হৈছে স্থানীয় সাংবাদিকগৰাকী বৰ্তমান  চিকিৎসাধীন অৱস্থাত আছে। হাফলঙৰ পৰা প্ৰকাশিত হিলচ লাইভ নামৰ নিউজ চেনেলৰ কৰ্মৰত খেৰণিৰ স্থানীয় সাংবাদিক আছিল জয়ৰাম কাথাৰ। খেৰণি থানা অন্তৰ্গত ডনবস্ক স্কুলৰ সমীপত পুৱাৰ ভাগত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

Related Articles

Leave a Reply

Close