অসমশীৰ্ষ

গান্ধী বৰ্ণবাদ বিৰোধী আছিল – ডঃ লীনা ডেকা

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী: সাংবাদিক পৰিষদ অসমৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে জিলাখনৰ অময়াপুৰৰ ড্ৰিমলেণ্ড বিবাহ ভৱনত গান্ধী জয়ন্তী আৰু গান্ধীৰ জীৱন দৰ্শন সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা শ্বহীদ সাংবাদিকৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে বিশিষ্ট সাংবাদিক কমলেশ শৰ্মাই । মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে শিক্ষাবিদ,সাহিত্যিক ডঃ লীনা ডেকা, বিশিষ্ট চকু ৰোগ চিকিৎসক ডাঃ অৰুন বৰ্মন, বিশিষ্ট সমাজকৰ্মী ৰবীন মিশ্ৰই, সাংবাদিক পৰিষদৰ জিলা উপদেষ্টা প্ৰয়াত হেমন্ত দত্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু পৰিষদৰ উপদেষ্টা শশীন শৰ্মাই । অনুষ্ঠানত পৰিষদৰ জিলা উপ সভাপতি পুলেন চক্ৰৱৰ্তী সহ বিষয়ববীয়া আৰু সদস্য সকল উপউপস্থিত থাকে।

ইয়াৰ পিছতে সাংবাদিক পৰিষদৰ জিলা সাধাৰণ সম্পাদক প্ৰাঞ্জল শৰ্মা আৰু সহ সম্পাদক নিহাৰ ভৰালী আতঁ ধৰা ‘মহাত্মা গান্ধীৰ জীৱন দৰ্শন’ সন্দৰ্ভত অনুষ্ঠিত হোৱা আলোচন চক্ৰত ভাষন ৰাখি শিক্ষাবিদ, সাহিত্যিক ডঃ লীনা ডেকাই কয় যে মহাত্মা গান্ধীৰ কৰ্ম পদ্ধতি সম্পৰ্কত বিভিন্ন সময়ত বিভিন্ন জনে মতপোষণ কৰি আহিছে। কিন্তু আফ্ৰিকাৰ শ্বেতাংগ সকলৰ কলা মানুহৰ ওপৰত অবৰ্ণীয় নিৰ্যাতনৰ বিৰুদ্ধে আফ্ৰিকা বাসীৰ লগতে ভাৰতীয় মূলৰ মানুহক লৈ তেওঁ বৰ্ণবাদ বিৰোধী সংগ্ৰামৰ সূচনা কৰিছিল। আজিৰ সভ্য সমাজত সম্প্ৰদায়বাদী, সাম্প্ৰদায়িকতাবাদ, বৰ্ণবাদৰ বিৰুদ্ধে গান্ধীৰ অবিস্মৰণীয় আদৰ্শ গ্ৰহণ কৰিব লাগিব। আলোচনা চক্ৰত বিশিষ্ট সংগ্ৰামী নেতা ৰবীন মিশ্ৰই ভাষনত কয় যে গান্ধীজীয়ে বেলেগ বেলেগ গাওঁত স্বনিৰ্ভৰশীল সমাজ পাতি তাৰ যোগেদি ‘ৰাম ৰাজ্য ‘গঢ়াৰ সপোন দেখিছিল। ভাষন প্ৰসংগত মিশ্ৰই কয় যে শ্ৰেণী সংগ্ৰামৰ বাস্তৱ ধাৰণা নোহোৱা বাবে ধনীক শ্ৰেণীৰ শোষণ, নিপীড়নৰ চৰিত্ৰ সম্পৰ্কে আজিৰ সমাজত গান্ধীৰ দৃষ্টিভংগী পৰিচ্ছন্ন নহয়। সেয়া যি নহওক আজিৰ জটিল সামাজিক, ৰাজনৈতিক পৰিস্থিতিত সাম্প্ৰদায়িকতাবাদৰ জঘন্য সময়ত গান্ধীৰ সম্প্ৰীতি আৰু শান্তিৰ বাণী সমাজ সচেতন সকলে গভীৰ ভাবে উপলব্ধি কৰা প্ৰয়োজন বুলি দোহাৰে ।

Related Articles

Leave a Reply

Close