অসমশীৰ্ষ

ছিপাঝাৰত সংগ্ৰামী সতীৰ্থ সন্মিলনৰ প্ৰতীক অনশন ধৰ্মঘট

প্ৰথম খবৰ,মঙলদৈ: ছিপাঝাৰ শ্বহীদ ভৱন প্ৰাঙ্গণত সংগ্ৰামী সতীৰ্থ সন্মিলন ,ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্হা ৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত ছিপাঝাৰ সমষ্টিৰ চৰ অঞ্চলৰ ৭৭,৪২০ বিঘা চৰকাৰী মাটি বেদখল মুক্তকৰা ,অসম আন্দোলনন নিৰ্যাতিতা পৰিয়ালক উপযুক্ত সাহায্য প্ৰদান আৰু উপযুক্ত সংস্হানৰ ব্যৱস্থা কৰা ,২০০১ চনৰ পৰা ২০১৯ চনলৈকে ছিপাঝাৰ সমষ্টিৰ চৰ অঞ্চলত ৰুপায়ন কৰা সকলোবোৰ চৰকাৰী আচঁনিৰ তদন্ত কৰা৷আৰু দৰং জিলাৰ সমগ্ৰ গো চৰণীয়া পথাৰ সমুহৰ লগতে সকলোধৰণৰ চৰকাৰী মাটি বেদখল মুক্ত কৰাৰ দাবীত প্ৰতীক অনশন ধৰ্মঘট কাৰ্য সূচীৰ ৰুপায়ন কৰি ছিপাঝাৰ ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে দৰং জিলাৰ উপায়ুক্তলৈ দাবী সমুহ শীঘ্ৰে ৰুপায়ন কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় বুলি ছাত্ৰ সন্হাৰ তৰফৰ পৰা জনাইছে ৷

Related Articles

Leave a Reply

Close