অসমশীৰ্ষ

ছিপাঝাৰ ব্যাসপাৰাত ‘সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী’ অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি

প্ৰথম খবৰ, মঙলদৈ:সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে জিলাখনত বিভিন্ন সময়ত সামাজিক-সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ লগতে ছিপাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত ব্যাসপাৰা (ইছলামপুৰ)ত যাযাবৰী শিল্পী , ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ দিনটোক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে এক কাৰ্যসূচীৰ আয়োজন কৰিছে । ইফালে সুধাকণ্ঠ শ্ৰদ্ধাঞ্জলী দিনতোৰ লগত সংগতি ৰাখি অহা ১৬ আৰু ১৭ নবেম্বৰত ড° ভূপেন হাজৰিকা সোঁৱৰণী’ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে তৎপৰতা চলাই আছে বুলি উদযাপন সমিতিৰ সভাপতি মহেশ্বৰ শৰ্মা আৰু কাৰ্যকৰী সভাপতি আমিনুল হকে জনাইছে । কাৰ্যসূচী অনুসৰি ১৬ নবেম্বৰ পতাকা উত্তোলন কৰিব জিলা সমিতিৰ সভাপতি আছিৰুদ্দিন আহমেদে । বৃক্ষৰোপণ কাৰ্যসূচীত অংশ লব জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বদিউৰ জামানে । চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিচাৰক প্ৰধান শিক্ষক চামচুল হক , বেংক বিষয়া নেকিবুৰ ৰহমান আৰু আব্দুল হাইয়ে । খেল-ধেমালি প্ৰতিযোগিতা পৰিচালনাত থাকিব বেংক বিষয়া হামিদুৰ ৰহমান , কনিষ্টবল আব্দুল চাত্তাৰ আৰু আব্দুল মতিন । ১৭ নবেম্বৰত পুৱা ৯ বজাত ভেশচন প্ৰতিযোগিতা পৰিচালনা কৰিব জিয়াউল হক আৰু মোজাম্মিল হকে । ১০ বজাত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰিব

ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ফুলমণি দেৱীয়ে । ১২ বজাত সাহিত্য প্ৰতিযোগিতাৰ বিচাৰক অভিযন্তা মোছাদ্দিক হুছেইন আৰু সহঃ শিক্ষক চাইফুল হকে । মণি সংযোগ কাৰ্যসূচীৰ উদ্বোধনী কৰিব জলদম্পদ বিভাগৰ বিষয়া মইনুল হকে । ২ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা পৰিচালক সহঃ শিক্ষক গনেশ শৰ্মা আৰু মানব শৰ্মা । ৩ বজাত চেঙেলীয়াঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৌৰহিত্যত অনুষ্ঠিত হব মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট সমাজকৰ্মী তথা বেংক বিষয়া আব্দুল আজিজ , প্ৰধান শিক্ষক হেমচন্দ্ৰ শৰ্মা । আবেলি মুকলি সভাতে বিশিষ্ট অতিথিৰ আসন অলংকিত কৰিব ছিপাঝাৰ বিধান সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া , জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, জিলা উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকা আৰু অসম সাহিত্য সভাৰ মূখপাত্ৰ চহিৰ ভূঞাই লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব অৱসৰী সৈনিক ভদ্ৰ শৰ্মা , দুমুনিচকীৰ যুৱ সংবাদকৰ্মী আতিকুৰ ৰহমান , প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ কাৰ্যকৰী সভাপতি অমৃত চহৰীয়া আৰু সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ক্ৰমে উপ-সভাপতি আজিজুৰ ৰহমান আৰু সম্পাদক ইমদাদ হুছেইন । বিহু নৃত্য আৰু আধুনিক নৃত্যৰ মঞ্চ মুকলি কৰিব বিশিষ্ট সমাজকৰ্মী কুলদ্বীপ বৰুৱাই । তাৰ পাছতে সাংস্কৃতিক সন্ধিয়াৰ অনু্ষ্ঠান মুকলি কৰিব সমাজকৰ্মী বনমালী শৰ্মাই । জনপ্ৰিয় শিল্পী প্ৰাঞ্জলপ্ৰতিম শইকীয়া আৰু চিম্পী দাসৰ গীতৰ অনুষ্ঠান । সমূহ কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি উদযাপন সমিতিয়ে কামনা কৰিছে।

Related Articles

Leave a Reply

Close