অসমশীৰ্ষ

ডিমাকুছিত একে দিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ 

প্ৰথম খবৰ , তীৰ্থ শৰ্মা,ডিমাকুছি:ওদালগুৰি জিলাৰ ডিমাকুছিত কাতি বিহুৰ দিনাই উদ্ধাৰ হ’য় এটি অচিনাক্ত মৃতদেহ ৷ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ওদালগুৰিৰ ডিমাকুছি থানাৰ অন্তৰ্গত বৰঙাজুলিখুটি ( পিপলহলি ) গাঁৱৰ এখন জাৰনিত ছিপ লৈ থকা অৱস্থাত উদ্ধাৰ হ’য় অৰ্ধগলিত মৃতদেহটো ৷ আজি স্থানীয় ৰাইজে অচিনাক্ত মৃতদেহটো প্ৰত্যক্ষ কৰি ডিমাকুছি আৰক্ষীক খৱৰ দিয়ে ৷ ঘটনাস্থলীত লগে লগে ডিমাকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰেক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে ৷ অৰ্দ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটো আত্মহত্যা নে এক পৰিকল্পিত হত্যাকাণ্ড সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে ইফালে একেদিনাই অৰ্থাৎ শুক্ৰবাৰৰ দিনটোতে ডিমাকুছি চাহ বাগিছাৰ ২৪ নম্বৰ লাইনত এগৰাকী শ্ৰমিকে এঘাৰ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত আত্মহত্যা কৰে ৷ ডিমাকুছি চাহ বাগিছা খনৰ সমীপৰ এখন জাৰনীত বিদ্যুতৰ খুঁটাত উঠি গৈ অবি গুড়িয়া নামৰ যুৱক জনে আত্মহত্যা কৰে ৷ ডিমাকুছিত একে দিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Related Articles

Leave a Reply

Close