অসমশীৰ্ষ

ঢেকিয়াজুলিৰ ৰবৰটলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ 

প্ৰথম খবৰ,ঢেকিয়াজুলি: ১৯৬৫ চনৰ বৈধ নথি পত্র থকাৰ পিছতো দুবছৰৰ পৰা তেজপুৰৰ ডিটেনশ্যন কেম্পত থাকি ৰোগাগ্ৰস্ত হৈ এজন লোকৰ মৃত্যু হোৱাত দল সংগঠনৰ লগতে স্হানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে |তেজপুৰ ডিটেনশ্যন কেম্পৰ কয়দী দুলাল চন্দ্ৰ পালৰ মৃত্যুত ঢেকিয়াজুলিৰ ৰবৰটলাত ৩ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে | পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ লগতে বজ্ৰং দল আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিয়ে ৷ ১৩ অক্টোবৰত GMCH ত মৃত্যু হৈছিল ৬৪ বছৰীয়া কয়দী দুলাল চন্দ্ৰ পালৰ৷ দুলাল চন্দ্ৰ পালৰ মৃতদেহ চমজি নলয় পৰিয়ালবৰ্গই | চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবাদকাৰীয়ে | উল্লেখনীয় বিষয় যে ১৯৬৫ চনৰ বৈধ নথি পত্র থকাৰ পিছতো দুলাল চন্দ্ৰ পালক বিদেশী ঘোষণা কৰি তেজপুৰ ডিটেনশ্যন কেম্পত ৰখা হৈছিল | বিগত দুটা বছৰে ডিটেনশ্যন কেম্পত আছিল ঢেকিয়াজুলিৰ ৰবৰটলাৰ দুলাল চন্দ্ৰ পাল |

Related Articles

Leave a Reply

Close