অসমশীৰ্ষ

দুধনৈত নিজম পৰিল শাৰদীৰ চোতাল,অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে মহিষমৰ্দিনীক

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী:দুধনৈত আঠখনকৈ পুজাৰ আনন্দ উলাহে আবৰি থকাৰ পিচত আজি সন্ধিয়াৰ লগেলগে নিজম পৰিল শাৰদীৰ চোতাল৷ অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে মহিষমৰ্দিনীক৷ লোকে লোকাৰণ্য হ’ল দুধনৈৰ বাকৰি৷ ৰাতিপুৱাৰ ভাগত প্ৰতিটো মণ্ডপত দশমী বিহিত পূজা আৰম্ভ হোৱাৰ লগেলগে সকলোৱে মা দুৰ্গাৰ আশীৰ্বাদ লয় আৰু পৰস্পৰে পৰস্পৰক সিন্দুৰ লগাই অনাগত দিনবোৰ ভাল হোৱাৰ আশাৰে শুভেচ্ছা বিনিময় কৰে৷ প্ৰতিটো পূজা কমিটিয়ে প্ৰতিমা সমুহ গাড়ীত সজাই পৰাই ভক্তপ্ৰাণ ৰাইজৰ সৈতে সমদল কৰি “জয় মা দুৰ্গা” ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰে৷  বৃৃৃৃহত্তৰ দুধনৈ অঞ্চলৰ লগতে জিলা খনৰ বিভিন্ন ঠাইৰ লোকে আহি বিজয়া দশমী উৎসৱৰ আনন্দত ভাগ লয়৷ সকলো ৰাইজে আনন্দত আত্মহাৰা হৈ ডিজেৰ উত্তাল সংগীতৰ তালে তালে নাচিবাগি বিসৰ্জন স্থলী দুধনৈ নৈৰ পাৰলৈ যায়৷ বিসৰ্জনৰ সময়ত ৰাইজৰ চকুৰে অশ্ৰু নিগৰি অহা পৰিলক্ষিত হয়৷  বিয়লি দুই বজাৰ পৰাই প্ৰায় পঞ্চাশ হেজাৰোধিক লোকে লোকাৰণ্য হৈ পৰে দুধনৈ নৈৰ পাৰ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচল স্থবিৰ হৈ পৰে৷ স্থানীয় স্বেচ্ছাসেৱী সংগঠন শিৱম গ্ৰুপে ভক্তপ্ৰাণ ৰাইজৰ মাজত খোৱাপানী যোগান ধৰে৷ আনহাতে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতীৰ নেতৃত্বত আৰক্ষীয়ে ৰাইজৰ মাজৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ মাজত শান্তি শৃখলা বজাই ৰাখে৷

Related Articles

Leave a Reply

Close