অসমশীৰ্ষ

দুধনৈত পথ দূৰ্ঘটনাত নিহত অচিনাক্ত চাইকেল আৰোহী যুৱক 

প্ৰথম খবৰ ,দুধনৈ:দূৰ্গাপূজাৰ উলম-মালহৰ মাজতে দুধনৈত সংঘটিত হয় অঘটন ৷ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত আমজোঙাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত আজি নিহত হয় এগৰাকী  চাইকেল আৰোহী৷ অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হোৱা যুৱকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই ৷ বাহনৰ খুন্দাত ক্ষতবিক্ষত হৈ পৰে মৃতদেহটো ৷ জিঞ্চ আৰু টি-শ্বাৰ্ট পৰিহিত যুৱকজনৰ মুখমণ্ডল ক্ষতবিক্ষত হোৱাৰ বাবে আৰক্ষীয়ে এতিয়ালৈকে পৰিচয় লাভ কৰা নাই ৷ আনহাতে দূৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ মৃতদেহটো উদ্ধাৰ কৰি প্ৰথমে দুধনৈ থানালৈ লৈ অহা হয় আৰু মৰণোত্তোৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷ ৰঙা টি-শ্বাৰ্ট আৰু ক’লা জিঞ্চ পৰিধান কৰা যুৱকজনৰ কোনোৱে যদি কিবা সম্ভেদ পায় তেন্তে দুধনৈ আৰক্ষী থানাৰ লগত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে ৷

Related Articles

Leave a Reply

Close