অসমশীৰ্ষ

দুধনৈত সংস্কৃতিৰ নিউক্লিয়াচ স্বৰূপ কৃতি শিক্ষক প্ৰতিথযশা সাহিত্যিক ৰাজেন ৰাভাৰ ৯৯ সংখ্যক ওপজা দিন পালন

প্ৰথম খবৰ, দুধনৈ,ভবেশ চন্দ্ৰ ভাগৱতী:গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দুধনৈ শাখা সাহিত্য সভাৰ লগতে থেকাচু ৰাভা দলৰ সহযোগত আজি দুধনৈ জনমন্দি সাংস্কৃতিক ভৱন প্ৰাঙ্গণত  পণ্ডিত, গৱেষক, সাহিত্যিক আৰু কৃতি শিক্ষক প্ৰয়াত ৰাজেন ৰাভাৰ ৯৯ সংখ্যক ওপজা দিন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী মৰ্মে ৰাতিপুৱা ১০ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি ড’ ইব্বাত আলীয়ে৷ পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিচতেই “অ মোৰ আপোনাৰ দেশ” গীতটি পৰিবেশন কৰে৷ ইয়াৰ পিচতেই পণ্ডিত গৱেষক সাহিত্যিক ৰাজেন ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে ৰাজেন ৰাভাৰ জীয়ৰী জোনাকী ৰাভা আৰু জোৱাই হেমেন  ৰাভাই ৷ আনহাতে মাল্যাৰ্পন কৰে দুধনৈ অভ্যসন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী ডালিমী দেবীয়ে৷ ইয়াৰ পিচতেই ড’ ইব্বাত আলীৰ সঞ্চালনাত আৰম্ভ হয় ৰাজেন ৰাভা দেৱৰ স্মৃতিত বক্তৃতানুষ্ঠান৷ বক্তৃতানুষ্ঠান আৰম্ভ হোৱাৰ আগতে দুধনৈ শাখা সাহিত্য সভাৰ সদস্য সকলে “চিৰ চেনেহী মোৰ ভাষা জননী” গীতটি পৰিবেশন কৰে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক বানীকান্ত ৰাভাই৷ দুধনৈ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, অসম সাহিত্য সভা আৰু অসম নাট্য সন্মিলনৰ আজীৱন সদস্য,১৯৮৩ চনত বঙাইগাওঁত অনুষ্ঠিত অসম সাহিত্য সভাৰ উপসভাপতি,১৯৯১ চনৰ   অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনৰ আদৰণী সমিতিৰ সভাপতি আৰু ১৯৮৬ চনত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বটাঁ প্ৰাপ্ত  প্ৰয়াত ৰাজেন ৰাভা দেৱৰ স্মৃতিত আয়োজিত বক্তৃতানুষ্ঠান উদ্বোধন কৰে অসম সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক তথা সাংস্কৃতিক কৰ্মী মুকুল ৰাভা দেবে৷ উদ্বোধনী ভাষণত মুকুল ৰাভা দেবে কয় যে- নামনি অসমৰ এই  মহান ব্যক্তি গৰাকীয়ে ৰাভা জনগোষ্ঠীক আগবঢ়াই নিয়াৰ উপৰিওঁঁ স্বসত্বাৰ উৎকৰ্ষ সাধন প্ৰক্ৰিয়াত আন জাতি জনগোষ্ঠীকো মিলি যাবলৈ উদগণি জনাইছিল৷ বিচিত্ৰ জীৱন শৈলীৰে জীৱন পৰিক্ৰমাক আগুৱাই নিয়া এই গৰাকী পুৰোধা ব্যক্তিক কিন্তু জানিবলৈ বুজিবলৈ বা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গোৱালপাৰা সাহিত্য সভাৰ লগতে নিখিল ৰাভা সাহিত্য সভাই কৰিব লগীয়া বহুখিনি থাকি গ’ল বুলি আক্ষেপ কৰে৷ কমল নাৰায়ন চৌধুৰী বটাঁপ্ৰাপ্ত ৰাজেন ৰাভাদেৱে বিভিন্ন কৰ্মশালা আৰু আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ উপৰিও “ৰাভা জনজাতি”, “ৰাভাসাধু”, “ৰাভা শব্দ ভাণ্ডাৰ”কে আদি কৰি দুকুৰিৰো অধিক প্ৰবন্ধৰে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে৷ তেওঁ ভাষণ প্ৰসঙ্গত পুনৰ কয় যে- গোৱলপাৰা জিলাৰ সাহিত্য ক্ষেত্ৰৰ সমল ব্যক্তি সকলে  ৰাজেন ৰাভাৰ অমূল্য সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰকাশৰ ক্ষেত্ৰত আগুৱাই আহিব লাগে৷ আন এগৰাকী আমন্ত্ৰিত বক্তা ৰাভা পাঠ্যপুথি প্ৰণয়ন সমিতিৰ সঞ্চালক নিতাই ৰাভাই নিৰৱ সাহিত্যকৰ্মী, সংস্কৃতিৰ নিউক্লিয়াচ স্বৰূপ,কৃতি শিক্ষক, প্ৰতিথযশা সাহিত্যিক আজীৱন গৱেষক ৰাজেন ৰাভাৰ ৰচনাৱলী তথা বিচিত্ৰ জীৱন পৰিক্ৰমাক বিশ্ববাসীৰ আগত পৰিচয় কৰি দিয়াৰ বাবে আগবাঢ়ি আহিব বুলি কোৱাৰ লগতে তেওঁৰ সাহিত্য কৃত্তিৰ বিষয়ে বহলাই কয়৷ বক্তৃতানুষ্ঠানত ড’ মৰমী হাজৰিকা, ৰাভা দলৰ জগদীশ ৰাভা, ধবান ৰাভা, নন্দলাল ৰাভা, দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ক্ষীৰোদ খাখলাৰী, প্ৰাক্তন অধ্যাপক তৰুণ চাংমাই, আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ দিয়াৰ উপৰিও ,থেকাচু ৰাভা দল, দুধনৈ শাখা সাহিত্য সভাৰ সভাপতি সম্পাদকদ্বয় ক্ৰমে শেৱালি কলিতা আৰু কুমুদ শৰ্মা, জিলা সাহিত্য সভাৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷

 

Related Articles

Leave a Reply

Close