অসমশীৰ্ষ

দুধনৈ চহৰত আৰক্ষীয়ে বিলালে ডাষ্টবিন৷ প্ৰতি সপ্তাহত চলিব চাফাই অভিযান

প্ৰথম খবৰ, দুধনৈ, ভৱেশ চন্দ্ৰ ভাগৱতী:স্বচ্ছ ভাৰত অভিযানৰ অংশ স্বৰূপে আজি দুধনৈত চহৰত ডাষ্টবিন বিতৰণৰ লগতে চাফাই অভিযান চলোৱা হয়৷ দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃৃৃৃত্বত, দুধনৈ উন্নয়ন কমিটি,দুধনৈ ব্যৱসায়ী সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, দুধনৈ প্ৰেছ ক্লাৱ, অমৰ সংঘ, দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আজি ৰাতিপুৱা ৬-৩০ বজাৰ পৰা আৰক্ষী সহিতে সকলোৱে হাতেহাতে ঝাঢ়ু লৈ নামি পৰিল চাফাই অভিযানত৷ ১৭ নং ৰাষ্ট্ৰীয়  ঘাইপথৰ দুয়োকাষে থকা প্লাষ্টিকৰ আবৰ্জনাৰ লগতে অন্যান্য আবৰ্জনা সমুহ চাফা কৰি পুৰি পেলোৱাৰ লগতে দুধনৈ চিকিৎসালয়ৰ ওচৰত ৰাষ্ট্ৰীয় পথৰ দাঁতিত পেলাই থোৱা জাবৰ সমুহ জেচিবি লগাই চাফা কৰি নেট লগাই দিয়া হয়৷ ইতিমধ্যে স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা  দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবাৰীৰ ওচৰত আবৰ্জনা সমুহ পেলোৱাৰ বাবে ডাম্পিং গ্ৰাউণ্ডৰ ঠাই নিৰ্বাচন  কৰা হৈছে৷ চাফাই অভিযানৰ লগতে আজি দুধনৈ আৰক্ষীয়ে আজি দুধনৈ চহৰত ষাঠিটাকৈ ডাষ্টবিন বিতৰণ কৰে৷ উল্লেক্ষ্য যে দুধনৈ চহৰত চফাই অভিযান প্ৰতি সপ্তাহৰ দেওঁবাৰে চলোৱা হব বুলি আৰক্ষী কতৃপক্ষই ৰাইজক জানিবলৈ দিয়াৰ লগতে ৰাইজক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷আনহাতে যিকোনো মূল্যৰ বিনিময়ত দুধনৈবাসী ৰাইজক দুধনৈ চহৰখনক চাফচিকুনকৈ ৰাখি স্বচ্ছতাৰ পৰিচয় দিবলৈ আহ্বান জনায়৷ বৃহত্তৰ দুধনৈ অঞ্চলত অপৰাধ মুলক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ লগতে শান্তি শৃংখলা বজাই ৰাখি বিভিন্ন জনকল্যাণ মুলক কামৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা আৰক্ষী বিষয়া মুকুট কাকতীৰ এই পদক্ষেপৰ শলাগ লৈছে৷ আজিৰ এই চাফাই অভিযান দুধনৈ বাবুপাৰা আৰু পানীটেংকী অঞ্চলৰ ৰাইজেও চাফাই অভিযান চলাই পৰিস্কাৰ কৰা পৰিলক্ষিত হয়৷

Related Articles

Leave a Reply

Close