অসমশীৰ্ষ

দুৰ্গোৎসৱৰ আনন্দ উলাহৰ মাজতে  দুধনৈত শোকাবহ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, দুধনৈ, ভবেশ চন্দ্ৰ ভাগৱতী:দুৰ্গোৎসৱৰ মহাঅষ্টমী পূজাৰ আনন্দ উলাহৰ মাজতে যোৱা নিশা ১২ বজাত  দুধনৈত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত  চাৰিজন কৈ লোকৰ মৃত্যু ঘটে । এই খবৰে দুধনৈৰ লগতে মাটিয়াত  শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে মাটিয়াৰ কাৰিপাৰা মেধিপাৰা গাৱঁৰ পৰা  এল্টো( ML-10 B-9208) গাড়ীৰে  পূজা চাবলৈ আহিছিল এটা পৰিয়ালৰ পাচঁ জনকৈ সদস্যই । দুধনৈত পূজা চাই উঠি দুধনৈৰ নিকটৱৰ্তী বনবাসীত থকা আলহীৰ ঘৰত ভাত খাই পুনৰ দুধনৈ হৈ ঘৰলৈ উভতি যাওঁতে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুধনৈ নদীৰ দলঙৰ ঠিক কাষতে নিয়ন্ত্ৰণ হেৰুৱাই  এল্টটো কাৰ খনে পথৰ কাষত থকা কেইবাটাও খুটি বগৰাই পথৰ ওপৰৰ পৰা কেইবালুটি খাই তলত থকা খাৱৈত পৰি যায়৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল  যে গাড়ীখন চুৰ্ণবিচুৰ্ণ হৈ যোৱাৰ লগতে গাড়ীখনৰ চাৰিগৰাকী আৰোহীৰ থিতাতে  মৃত্যু ঘটে ৷ পূজাৰ বতৰ বাবেই কেবাগৰাকী প্ৰত্যক্ষ  দৰ্শীয়ে লগেলগে উদ্ধাৰ কাৰ্যত নামি পৰে আৰু দুধনৈ আৰক্ষীক খবৰ  দিয়ে । আৰক্ষীয়ে লগেলগে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত ক্ৰেনেৰে  দুৰ্ঘটনাত হতাহত সকলৰ লগতে এলটো কাৰখন উদ্ধাৰ কৰি দুধনৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ চিকিৎসকে চাৰিজনক মৃত বুলি ঘোষণা কৰে আৰু এজনক আহত অবস্থাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে৷ নিহত সকল হল ৰত্না নাথ(45) আৰু মৃন্ময় নাথ (10),বৰষা নাথ(16),আৰু কাশ্মিৰী নাথ (12)৷ ৰত্না নাথ আৰু মৃন্ময় নাথ সম্বন্ধত মাক পুতেক৷ আনহাতে  গুৰতৰ ভাবে আহত হয় ৰোহিনী নাথ(45) । আহত ৰোহিনী নাথ মৃত কাশ্মিৰী নাথৰ মাতৃ ৷ মৃত ৰত্না নাথৰ স্বামী ধ্ৰুব নাথ , কাশ্মিৰী নাথৰ দেউতাক দিবাকৰ নাথ বৰষা নাথৰ দেউতাক দেৱকান্ত নাথ সমন্ধত ককায়েক ভায়েক৷ চালক অৰূপ দাস  আচৰিত ভাবে একো আঘাত  নোহোৱাকৈ ৰক্ষা  পৰে৷ উল্লেখ্য যে  অত্যাধিক সুৰাপান কৰাৰ ফলত এই দুৰ্ঘটনাটো  সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷

Related Articles

Leave a Reply

Close