অসমশীৰ্ষ

দৰঙৰ দেবানন্দ সত্ৰৰ ঐতিহাসিক ’মথনি’ উৎসৱৰ আয়োজন

প্ৰথম খবৰ,মঙলদৈ: দৰঙৰ দিপীলাৰ খটৰাৰ পাচেতি ’উৎসৱৰ পিচতে উলহমালহেৰে আয়োজিত হয় হাজৰিকা পাৰাৰ দেবানন্দ সত্ৰৰ ধৰ্মীয় পৰম্পৰাৰ ঐতিহাসিক ’মথনি’ উৎসৱ৷যি উৎসৱত দৰঙৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ আলহী দুলহী য়ে মথনি উৎসৱ চাব আহি ভিৰ কৰেহি ৷১৬২৫ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা দেবানন্দ সত্ৰৰ ই এক ধৰ্মীয় উৎসৱ যদিও অন্য হাতে সম্প্ৰীতিৰ উৎসৱ বুলিও কব পাৰি ৷য’ত জাতি ধৰ্ম নিৰ্ৱিষেসে মথনি উৎসৱত অংশ গ্ৰহণ কৰি মনৰ আনন্দত মতলীয়া হৈ পৰে ৷ মথনি উৎসৱ পৰিচালনা কৰিবলৈ এখনি উদ্‌যাপন সমিতি গঠন কৰি উৎসৱটি শান্তিৰ বাতাবৰনেৰে সমাপন কৰা হয় ৷উদ্‌যাপন সমিতিৰ সভাপতি গৌতমানন্দ গোস্বামীয়ে জনোৱা কাৰ্যসূচী অনুযায়ী এইবাৰ তিনিদিনীয়া কৈ মথনি আৰু দধিমস্হন আৰু সাগৰ মস্হন অনুষ্ঠান আয়োজন কৰা হৈছে ৷

৷আহিনৰ ২৯,৩০,আৰু ১ কাতি ১৭,১৮ আৰু১৯অক্টোবৰ ৷১৭অক্টোবৰত ৰাতিপুৱা স্বচ্ছ অভিযানৰ কাৰ্য সূচী শুভাৰম্ভ কৰে দেবানন্দ সত্ৰৰ উপদেষ্টা
বাপুৰাম ডেকাই ৷বন্তি প্ৰজ্বলন কৰে অনন্ত বাসুদেৱ মন্দিৰৰ দেউৰী মহেন্দ্ৰ গোস্বামীয়ে ৷মথনি উৎসৱৰ ধৰ্মধ্বজা উত্তোলন কৰে সত্ৰৰ
উপসভাপতি ইন্দ্ৰকান্ত বৰাই ৷
বৃক্ষৰোপণ কাৰ্য সূচীত ৰুপায়ন কৰে সত্ৰৰ প্ৰাক্তন সভাপতি মহানন্দ গোস্বামীয়ে ৷অনুষ্ঠানৰ লগত সংগতি ৰাখি মহিলা সকলৰ পানীতোলাত
ভাগ লয় দেবানন্দৰ মহিলা
মঞ্চ আৰু যুৱ মঞই ৷
১৮ অক্টোবৰত ভাগৱত পাঠ,তুলসী দান পুজা অনুষ্ঠানৰ পিছত আবেলি
৩:বজাত আকৰ্ষণীয় অনুষ্ঠান দেৱতা সকলৰ দধিমথন আৰু সাগৰ মথন অনুষ্ঠান ৷নিশা গৰৈমাৰা কৃষক খুলীয়া ভাওনা প্ৰদৰ্শন কৰা হব ৷সেইদৰে ১কাতি ১৯ অক্টোবৰ ত আবেলি মহিলাৰ আকৰ্ষণীয় পাল নাম অনুষ্ঠিত হব ৷কামৰূপৰ গোৰেশ্বৰৰ উৰ্বশী ৰাজবংশী আৰু দৰঙৰখটৰাৰ মনিষা কলিতা ই অংশ গ্ৰহণ কৰিব লগীয়া নাগাৰা নাম উদ্বোধন কৰিব সমাজ কৰ্মী তথা জনকল্যাণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কনকচন্দ্ৰ বৰাই ৷সন্ধিয়া কাতি বিহুৰ আকাশ বন্তিৰ প্ৰজ্বলন কৰিব সমাজ কৰ্মী কুশল ডেকাই ৷অনুষ্ঠানৰ সকলো কাৰ্য সূচীত আঞ্চলিক ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্‌যাপন সমিতিয়ে ৷

Related Articles

Leave a Reply

Close