অসমশীৰ্ষ

দৰঙৰ বাহঁগড়া গনেশকুঁৱৰী আঞ্চলিক সমন্বয়ৰ পদক্ষেপ

ৰাইজৰ উন্নয়ৰ বাবে থিয়েটাৰ আমন্ত্ৰন

প্ৰথম খবৰ ,মঙলদৈ:দৰং জিলাৰ দক্ষিন-পশ্চিম প্ৰান্তত থকা ঐতিহাসিক বাঁহগড়া- গনেশকুঁৱৰী অঞ্চল এক সম্প্ৰীতিস্থলী য’ত হিন্দু, মুছলিম আৰু খ্ৰীষ্টান ধৰ্মৰ মানুহে মিলনৰ ঐতিহ্য বহন কৰি আহিছে । অঞ্চলটোৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত জন্ম হৈছল বাহঁগড়া- গনেশকুঁৱৰী আঞ্চলিক সমন্বয় সমিতি ।উক্ত সমিতিয়ে অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত তথা দৰিদ্ৰজনক আকম্মিক সহায়ৰ বাবে পুঁজি সংগ্ৰহৰ অৰ্থে অহা ৬ ,৭ আৰু ৮ নৱেম্বৰত অসমৰ আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰ দল ‘বৃন্দাবন থিয়েটাৰ’ আমন্ত্ৰণ কৰিছে। আনহাতে স্বেচ্ছাসেৱী সংগঠনটোৱে জনোৱা অনুসৰি আগন্তুক দিনত শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিব । ৰাইজৰ উন্নয়ৰ বাবে আমন্ত্ৰন জনোৱা থিয়েটাৰখনৰ পৰিচালনাৰ ক্ষেত্ৰত অঞ্চলটোৰ সকলো ৰাইজক সহায়- সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে উদ্যোক্তা সমিতিয়ে।

Related Articles

Leave a Reply

Close