অসমশীৰ্ষ

ধুবুৰীৰ আগমনিত পথ দুর্ঘটনা

প্ৰথম খবৰ, গোলকগঞ্জ:ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত লোহাৰপুল সংলগ্ন ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এক পথ দুর্ঘটনাত এগৰাকী কিশোৰ থিতাতে নিহত হোৱাৰ বাতৰি পোৱা গৈছে । জানিব পৰা মতে পশ্চিম বংগ ফালৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 01DN/3320 নম্বৰৰ আই টেন বাহনখনে লোহাৰপূলৰ ৰাষ্ট্রীয় ঘাইপথত কিশোৰ জনক খুন্দা মাৰে । ফলত কিশোৰজন থিতাতে নিহত হয় । নিহত কিশোৰ গৰাকী কালডোবা প্ৰথম খন্ড গাঁওৰ বিৰাজ বিশ্বাসৰ লৰা বিপ্লৱ বিশ্বাস বুলি জনা গৈছে ।

Related Articles

Leave a Reply

Close