অসমশীৰ্ষ

ধুবুৰীৰ আগমনীত বিলাসী গাড়ীলৈ পলায়ন যুৱকৰ, দুৰ্ঘটনা সংঘটিত কৰি আটক

প্ৰথম খবৰ,গোলকগঞ্জঃ ধুবুৰী জিলাৰ আগমনী আৰক্ষী থানাৰ অন্তর্গত শেৰনগৰৰ পৰা এখন ছুইপ্ট ডি জি আৰ চাৰিচকীয়া বাহন চুৰি কৰি পলায়ন কৰিবলৈ ধৰোতে পথ দুর্ঘটনা সংঘটিত কৰি আৰক্ষী হাতত আটক হল নুৰজামাল সেখ নামৰ এজন যুৱক । জানিব পৰা মতে, শেৰনগৰৰ বিষয় শিক্ষক ছামছুল ৰহমান সৰকাৰে সহ পৰিয়ালে চিকিৎসালয়লৈ যোৱাৰ বাবে নিজৰ AS 17 D/ 2373 নম্বৰৰ বাহন খন গৃহৰ পৰা বাহিৰলৈ ওলাই ৰাখে । ছেগ বুজি একে গাওঁৰে নুৰজামাল সেখে গাড়ী খনলৈ তীব্র গতিত পলায়ন কৰে । ধুবুৰী অভিমুখী গৈ থাকোতে নিয়ন্ত্রণ হেৰুৱাই ৰতিয়াদহৰ ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্থ হোৱাত আহত হয় নুৰজামাল । আনহাতে বাহন খনৰো ক্ষতিসাধন হয় । আগমনী আৰক্ষীয়ে অভিযুক্ত নুৰজামাল শ্বেখক আটক কৰে । ঘটনা সন্দৰ্ভত গাড়ীৰ গৰাকী ছামচুল ৰহমান সৰকাৰে আগমনী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

Related Articles

Leave a Reply

Close