অসমশীৰ্ষ

নিজ ধিঙত মহিলা সবলীকৰনৰ সজাগতা সভা

প্ৰথম খবৰ, মৈৰাবাৰী:মৰিগাও আৰু নগাও জিলাৰ সীমামূৰীয়া অঞ্চল নিজধিং পানবাৰী মধ্য ইংৰাজী বিদ্যালয়ত আজি ভলেন্টৰি হেল্থ এছচিয়েছন অফ ইণ্ডিয়া আৰু আইপাচ ডেভেলপমেন্ট ফাউণ্ডেশ্যনৰ উদ্যোগত মহিলাৰ সবলীকৰন সম্পৰ্কীয় এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিপুল চন্দ্ৰ বৰাই সঞ্চালনা কৰা সজাগতা সভাখনত ভলেন্টৰি হেল্থ এছচিয়েছন অফ ইণ্ডিয়া আৰু আইপাচ ডেভেলপমেন্ট ফাউণ্ডেশ্যনৰ দ্বাৰা নিয়োজিত স্বাস্থ্য সখী তৃতীষা ভৰালী আৰু অনিমা বৰদলৈয়ে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰী সকলক মহিলাৰ শাৰীৰিক পৰিবৰ্তন আৰু বিভিন্ন সময়ত লবলগা সাৱধানতাৰ সম্পৰ্কে বিতংভাৱে বক্তব্য আগবঢ়ায়।সজাগতা সভাটোত বেচৰকাৰী সংগঠনটোৰ সহকাৰী প্ৰকল্প সঞ্চালক অমিতৰাজ ৰয়, বিদ্যালয়খনৰ শিক্ষয়িত্রীৰ লগতে উপস্হিত কেইবাজনো লোকেও বক্তব্য ৰাখে।বিদ্যালয়খনৰ প্ৰায় শতাধিক ছাত্ৰী আজিৰ কাৰ্যসুচীত উপস্থিত আছিল বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close