অসমশীৰ্ষ

পথত ভূঁই ৰুই এদল মহিলাৰ প্ৰতিবাদ

প্ৰথম খবৰ, খেৰণি:পৰিবৰ্তনৰ নগ্ন ছবি, বিজেপি চৰকাৰৰ উনায়নমূলক কাম-কাজৰ ফোঁপোলাস্বৰূপ উদঙালে এইবাৰ পাহাৰৰ পৰা নামি অহা এদল মহিলাই। হঠাৎ খেৰণি-জিৰীকিন্দেঙ গৰকাপ্তানী পথৰ ওপৰত ভূঁই ৰুই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। কিন্তু কিয় কৰিলে এই প্ৰতিবাদ ? হয়, দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ চৰকাৰক উফৰাই পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ গাদী দখল কৰিছিল বিজেপিয়ে। কিন্তু কোনোটো দিশতে এই পৰ্যন্ত পৰিৱৰ্তন সাধিব পৰা নাই কাৰ্বি আংলঙৰ বিজেপিয়ে তথা বিজেপি চৰকাৰে। উন্নয়ণৰ শ্লোগান দি উন্নয়নৰ নামত কেৱল ফটা ঢোলহে কোবাই আছে সেয়া স্বাভাৱিকতে পৰিস্ফুট কৰি তুলিছে বৃহত্তৰ পশ্চিম কাৰ্বি আংলংবাসীক জ্বলাকলা খুৱাই থকা খেৰণি-জিৰীকিন্দেঙ গৰকাপ্তানী পথটোৱে। উক্ত পথটিৰ খেৰণিৰ মাজমজিয়াতে দীৰ্ঘদিন ধৰি এক কন্দৰ্যৰূপ ধাৰণ কৰি আহিছে উল্লেখিত পথটোয়ে। কিন্তু এই সন্দৰ্ভত মেৰামতিৰ বাবে আজি পৰ্যন্ত ভাবিবলৈ অকণো আহৰি পোৱা নাই কাৰ্বি পৰিষদৰ পৰিষদীয় আমৰেঙ আৰু কঁপিলী সমষ্টিৰ জনপ্ৰতিনিধি ৰিনা তেৰাংপি আৰু পাৱান কুমাৰে। ফলত আজি দিনৰ ভাগত কাৰ্বি ছাত্ৰ সন্থা চেমচন টেৰণ(গোট)ৰ একাংশ সদস্য আৰু পাহাৰৰ পৰা নামি অহা এদল মহিলাই হঠাৎ পথৰ ওপৰত ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে খেৰণি-জেৰিকীন্দেঙ বিধ্বস্ত পথটোকলৈ। দীৰ্ঘদিন ধৰি খেৰণিৰ এই পথটি মেৰামতি নকৰাৰত প্ৰতিবাদকাৰী দল তথা কাৰ্বি ছাত্ৰ সংস্থাই আজি খেৰণিত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাৰ্বি ছাত্ৰ সংস্থাইৰ প্ৰচাৰ সম্পাদক ৰেংছিং ৰংফাৰে কাৰ্বি পৰিষদ চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰে আৰু এই ক্ষেত্ৰত চৰকাৰ আৰু জনপ্ৰতিনিধিদ্বয়ক জগৰীয়া কৰে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই।

Related Articles

Leave a Reply

Close