অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি চাৰিআলিত উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ,খেৰণি:পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি চাৰিআলিত উত্তাল প্ৰতিবাদ। মাইলু বজাৰৰ পৰা খেৰণি চাৰিআলিলৈ ৭ কিলোমিটাৰ গৰকপ্তানী পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ । সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে মাইলু বজাৰৰ পৰা খেৰণিলৈ হাতে হাতে প্লেকাৰ্ড আদি লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। খেৰণি চাৰিআলিত আৰক্ষীয়ে বাধা দিয়াত আৰক্ষীৰ সৈতে কিছু হতাহাতিৰো সৃষ্টি হয় প্ৰতিবাদকাৰীৰ। প্ৰায় তিনিঘণ্টা ধৰি চলা প্ৰতিবাদৰ ফলত যান যঁতৰ সৃষ্টি হয় মাইলু-খেৰণি চাৰিআলি পথছোৱাত। প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষীয়ে বহু চেষ্টা কৰিছে যদিও ৰোধ কৰা ক্ষেত্ৰত খেৰণি আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। উল্লেখযোগ্য যে অৱশেষত খেৰণি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত পথ মেৰামতিৰ দাবী জনায় এখন স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ ছাত্ৰীসকলে। গুৰুত্বপূৰ্ণ যে স্মাৰক পত্ৰ দাখিল কৰাৰ পাছতো কিন্তু স্তব্ধ নহল প্ৰতিবাদ। যদিহে কাৰ্বি পাহাৰৰ খেৰণিৰ পৰা মাইলুলৈ যোৱা পথছোৱা শীঘ্ৰে মেৰামতি নকৰে তেন্তে পৰৱৰ্তী সময়ত আজিতকৈ আৰু অধিক ভাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰো ভাবুকি প্ৰদান কৰে ছাত্ৰ ছাত্ৰীয়ে।

Related Articles

Leave a Reply

Close