অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙত আৰক্ষী স্মৃতি দিৱস পালন

প্ৰথম খবৰ,খেৰণি:সমগ্ৰ দেশৰ লগতে আজি অসম ৰাজ্যৰ বিভিন্ন প্ৰান্ততো আৰক্ষী স্মৃতি দিৱস পালন কৰা পৰিলক্ষিত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ মাজিয়াহাদি আৰু টুমপ্ৰেঙতো দুগৰাকীকৈ আৰক্ষী বীৰ শ্বহীদক স্মৰণ কৰি স্মৃতি দিৱস পালন কৰা দেখিবলৈ পোৱা গ’ল হামৰেন জিলা আৰক্ষীয়ে। আয়োজিত স্মৃতি দিৱস অনুষ্ঠানত হামৰেন আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ, বিভিন্ন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকল, শ্বহীদ পৰিয়ালবৰ্গৰ লগতে শতাধিক স্থানীয় লোক উপস্থিত থাকে। মাজিয়াহাদি গাওঁৰ আৰক্ষী বীৰ শ্বহীদ হেমচন জহৰি আৰু টুমপ্ৰেঙৰ বীৰ শ্বহীদ ৰাতুল ননিচাক স্মৰণ কৰি শ্বহীদ দুগৰাকীৰ প্ৰতিচ্ছবিত ফুলাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্জ্বলন কৰে হামৰেন জিলা আৰক্ষীৰ বিষয়াবৰ্গ আৰু গাওঁবাসীয়ে। লগতে বীৰ শ্বহীদ দুগৰাকীৰ আত্মাৰ সদ্গতিৰ কামনাৰে মৌনপ্ৰাৰ্থনাও কৰে। উল্লেখযোগ্য যে হামৰেন আৰক্ষী অধীক্ষক নিত্যানন্দ গোস্বামীসহ দেহৰক্ষী হিচাপে থকা ৰাতুল ননিচাই ২০১৪ চনত উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ এক দূৰ্গম অঞ্চলত উগ্ৰপন্থীৰ সৈতে যুজঁ দি উগ্ৰপন্থীৰ গুলিত প্ৰাণ হেৰুৱাই শ্বহীদ হোৱাৰ বিপৰীতে হেমচন জহৰিয়ে ডিমা হাছাওৰ চনটিলাত একেদৰে ২০০৩ চনৰ ৩১ জুলাই তাৰিখে উগ্ৰপন্থীৰ সৈতে যুজঁ দি উগ্ৰপন্থীৰ গুলিত প্ৰাণ হেৰুৱাই শ্বহীদ হৈছিল। পৰিপ্ৰেক্ষিতত পশ্চিম কাৰ্বি আংলংবাসী তথা দুই আৰক্ষী বীৰ শ্বহীদে এনেদৰে দেশ, ৰাজ্য অথবা মাতৃভূমিৰ বাবে আগবঢ়াই যোৱা তেওঁলোকৰ অৱদান আৰু ত্যাগক স্মৰণ কৰি আজিৰ এই দিনটোত অসম আৰক্ষী, মাজিয়াহাদি আৰু টুমপ্ৰেঙবাসীয়ে এইদৰে আৰক্ষী স্মৃতি দিৱস পালন কৰে পশ্চিম কাৰ্বি আংলঙৰ মাজিয়াহাদি আৰু টুমপ্ৰেঙত।

 

Related Articles

Leave a Reply

Close