অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙত বি জে পিৰ গান্ধী সংকল্প যাত্ৰা

প্ৰথম খবৰ,খেৰণি:জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ভাৰতীয় জনতা পাৰ্টিয়ে এক গান্ধী সংকল্প যাত্ৰা বাহিৰ কৰে পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ পৰা। দিনৰ ভাগত দলটোৰ কৰ্ম কৰ্তা সকলে এই সংকল্প যাত্ৰা জেংখা খেলপথাৰৰ পৰা তেলেহৰ খেলপথাৰলৈকে প্ৰায় ৫ কিঃ মিঃ বাট সমদল কৰি যায়। গান্ধীজীৰ নীতি আদৰ্শ সৰোগত কৰি অনুষ্ঠিত কৰা এই সংকল্প যাত্ৰত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বে, স্থানীয় বিধায়ক ডঃ মানছিং ৰংপি, পশ্চিম কাৰ্বি আংলঙ জিলা বিজেপিৰ সভাপতি অৰুণ তেৰাং প্ৰমুখ্যে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যবৃন্দ, পৰিষদীয় সদস্যবৃন্দৰ লগতে প্ৰায়  দুই সহস্ৰাধিক কৰ্ম কৰ্তা উপস্থিত থাকে। সমদল যাত্ৰাৰ পাছতেই তেলেহৰত অনুষ্ঠিত হোৱা সভাত বিজেপি নেতাবৃন্দই জাতিৰ পিতা মহাত্মা গান্ধীৰ নীতি-আদৰ্শ, লক্ষ্য-উদ্দেশ্য আৰু সংকল্প সন্দৰ্ভত ভাষণ প্ৰদান কৰি গান্ধীৰ নীতি-আদৰ্শক মানি চলি গান্ধীৰ লক্ষ্য-উদ্দেশ্য আৰু সংকল্পক সফল ৰূপ দিবলৈ উপস্থিত জনতাক আহ্বান জনায়। একেদৰে আজি চচেং আৰু ৰংখাং সমষ্টিতো গান্ধী সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে পশ্চিম কাৰ্বি আংলং বিজেপিয়ে।

Related Articles

Leave a Reply

Close