অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ উপদ্ৰপ অব্যাহত

প্ৰথম খবৰ,খেৰণি:ৰাজ্যৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰপ চলায় এক সন্ত্ৰাস সৃষ্টি কৰি অহাৰ সময়তে এইবাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে অব্যাহত ৰাখিছে এক অবৰ্ণনীয় তাণ্ডৱ।।খাদ্যৰ সন্ধানত লামডিং বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ বৃহৎ এটা জাকে বিগত ১ মাহ ধৰি নৱাইবিল,শিৱপুৰ, দিছাও বস্তি, লামচাখাং আদি গাঁওত দিনে নিশাই তাণ্ডৱ অব্যাহত ৰখাত আতংকিত হৈ পৰিছে গঞা ৰাইজ।। উল্লেখযোগ্য যে যোৱা নিশাও হাতীৰ এটা বৃহৎ জাকে বিনষ্ট কৰে প্ৰায় হাজাৰ বিঘা ভূমিৰ কুঁহিয়াৰ আৰু ধান খেতি । ইতিমধ্যে কুঁহিয়াৰ খেতিত বৰ্তমানো অৱস্থান কৰা হাতীৰ জাকটোক খেদিবলৈ বন বিভাগৰ কৰ্মী অৱস্থানস্থলিত উপস্থিত নোহোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।। নিজৰ খেতি ৰক্ষাৰ বাবে এতিয়া কৃষক ৰাইজে হাহাকাৰ কৰৱলগীয়া হৈছে আৰু হাতীৰ জাকটোক লৈ শংকিত হৈ পৰিছে।

Related Articles

Leave a Reply

Close