অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত

প্ৰথম খবৰ,খেৰণি:পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত।। নিশা খেৰণিত অৱস্থিত গৰকাপ্তানী বিভাগৰ কাৰ্যালয় চৌহদৰ পকী দেৱাল ভাঙি লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীয়ে। নিতৌ নিশা বনৰীয়া হাতীয়ে এনেদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জানাঞ্চললৈ উলাই আহি এক সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খেৰণি অঞ্চলত। উল্লেখযোগ্য যে এইদৰে জানাঞ্চললৈ উলাই অহা হাতীৰ আক্রমণত কেতিয়াবা যদি কাৰোবাৰ প্ৰাণহানি হৈছে আন কেতিয়াবা আকৌ জাকে জাকে ওলাই অহা বনৰীয়া হাতীৰ গচকত শ শ বিঘা ভূমিৰ কৃষি নষ্টও হৈছে।

 

Related Articles

Leave a Reply

Close