মহিলাশীৰ্ষ

পৰী পাৰবিনৰ গল্প: বুদ্ধং শৰণং গচ্ছামি

পৰী পাৰবিন

দৃশ্যাংশ ১:

কিছু শকতকৈ, কিছু মিঠাবৰণীয়া মানুহগৰাকী। বয়স চল্লিশৰ আশে পাশে। অযত্নপালিত চেহেৰা, কিছু মলিয়ন বেশভূষা। পাতল ৰঙা শাৰীখনেৰে নাভিতলৰ চৰ্বীখিনি উন্মুক্ত কৰাৰ নিৰ্লজ প্ৰয়াস। চকুত তাইৰ চিকাৰীৰ দৃষ্টি, খোজত বয়সৰ স’তে খাপ নোখোৱা কিছু চঞ্চলতা বিৰাজমান। গধূলি সময়ত প্ৰায়েই আহি তাই ব্যস্ত ৰাজপথত নতুবা চিনেমাহলৰ কাষত থিয় দিয়েহি।

নাই, নাই, বহুত কিবা হাবিয়াস নাই তাইৰ। কোনোমতে দুশটকা হ’লেই দিনটো তাইৰ চলি যায়। এশ টকা হোটেলৰ মালিকক দিব লাগে। এশ টকা নিজৰ বাবে।

হোটেল মানেনো কি? আগফালে চাহ-কেকৰ সৰু গুমটি এখন, পিছফালে চালি দিয়া কোঠা এটাত এখন সৰু বিচনা। উৰহ ডাঁহেৰে ভৰা এখন বিচনা।

দিনটো হাড় টনটনাই যোৱা পৰিশ্ৰম কৰি ঘৰলৈ ওভতা শ্ৰমিকজন, নতুবা মাতাল ৰিক্সাৱালাজন, নতুবা সেইদিনা বিক্ৰী বেছি হোৱা চানাৱালাজন- সেইসকল তাইৰ নিয়মীয়া গ্ৰাহক। সিহঁতৰ লাভ বেছি হ’লে তাইৰো লাভ বেছি হয়। কেতিয়াবা দুশ টকাতকৈ বেছিকৈ পায়। সিদিনা তাই ফেৰীৱালাৰ পৰা ৰঙা ৰঙৰ নেইলপলিচ এটাও লৈ যায়।

সিহঁতৰ লোকচান হ’লে তাইৰ চৌকাতো জুই নজ্বলে। পেটৰ জুই জ্বলে সিদিনা।

“কিদৰে পাৰে? দুশ টকা তাই বেলেগ উপায়েৰে যোগাৰ কৰিব নোৱাৰে?”, নাক কোঁচাইছিল তাইক লৈ গল্প লিখিবলৈ ওলোৱা ৰংগনাই। এগাল কাগজৰ মাজত ৰংগনাই বেশ্যা সম্পৰ্কীয় গল্প এটা লিখি আছে। এবাৰ তাই মোলৈ মূৰ ঘূৰালে।

“তোৰ আজিও নাইট ডিউটি আছে নেকি নীলা?”

হোৱাটআপত ব্যস্ত আছিলোঁ মই। মোৰ মুখত মিচিকিয়া হাঁহি। একে সময়তে কিমানজনৰ লগত মেচেজৰ আদান প্ৰদান হয়, সেয়া কেৱল মই জানো। ৰংগনাই জানিলে যে মূৰ ঘূৰাই পৰিব, খাটাং। মোৰ আঙুলি চলি থাকিল। খচখচকৈ তাইৰো কলম চলি থাকিল। তাৰ মাজতেই আকৌ ক’লে,

“কিবা সুধিছিলোঁ তোক।“

এইবাৰ মই এঙামুৰি মাৰি বহি ল’লোঁ। মোবাইলতে চকু ৰাখি ক’লোঁ,

“নাই নাই, আজি ছুটি মোৰ। কাইলৈ টুৰত যাম । অলপ দূৰলৈ যাব লগা আছে।“

“দূৰলৈ? কিমানদিনৰ বাবে?”, আচৰিত হ’ল তাই।

উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলো। আচলতে উত্তৰটো মোৰ ওচৰতো নাই। মোবাইলটো এইবাৰ টিংকৈ বাজিল। এছ এম এছ…. মোৰ একাউন্টত টকা সুমুৱাৰ এছ এম এছ।

বুকিং কনফাৰ্ম হৈ গ’ল।

দৃশ্যাংশ ২:

বুক হৈ যোৱাৰ পিছতে নিজক লৈ ব্যস্ত হৈ পৰিলোঁ মই। দেহাৰ পৰিচৰ্যা বা কেশসজ্জা কোনোটোৱেই বাদ নপৰিল। পেডিকিউৰ কৰি ভৰি উজ্বলালোঁ, মেনিকিউৰ কৰিলোঁ, নেইল আৰ্ট, মুখত চেহনাজৰ ফেচিয়েল, দুদিন আগেয়ে কাৰ্ল কৰি অনা চুলিখিনিত স্পা কৰাইছোঁ। মোৰ গ্ৰাহকৰ পছন্দ অনুসাৰে এই সকলোবোৰ কৰি আছে মোৰ বাবে নিয়োজিত দক্ষ বিউটিচিয়ানে।

কাপোৰৰ ডিজাইন ? “যিয়েই নিপিন্ধা, নীলাৰ শৰীৰত নীলাৰ বাদে আন একো যাতে নাথাকে”-মেচেজ আহিছিল ডেকা গ্ৰাহকৰ। নীলা মানেই সমুদ্ৰ। সমুদ্ৰত জলকেলি কৰাৰ মন ডেকা গ্ৰাহকৰ। গ্ৰাহকৰ দাবী পূৰণ কৰাটো মোৰ কৰ্তব্য। বুটিকলৈ ফোন কৰিলোঁ। অৰ্ডাৰ দিলোঁ-কেইযোৰমান নীলা ড্ৰেছ।

বিউটিচিয়ানগৰাকীয়ে মোক ওপৰমুৱাকৈ শুৱাই লৈছে। গোলাপজলত তিয়াই কপাহ এটুকুৰাৰে মুখৰ পেকটো লাহে লাহে মচি পেলাইছে। শীতল অনুভূতি এটাই চুই গৈছে মোৰ মাখন-কোমল গাল দুখনি। যেন জ্বৰীয়া কপালত বোপায়ে জলপটি লগাই থৈছে। উৰি উৰি মই শৈশৱৰ পদূলিটো পালোঁগৈ। জ্বৰটো এই বাঢ়ে, এই কমে। আই বোপাই চিন্তিত হৈ পৰিছে জ্বৰটোক লৈ। জ্বৰ কমিছে, আইৰ কপালৰ ৰেশ কমিছে। জ্বৰ বাঢ়িছে, বোপাইৰ ছটফটনি বাঢ়িছে। বোপাইৰ ছটফটনিত ছটফটাই উঠিছোঁ মই। খকমককৈ সাৰ পাইছোঁ। বিউটিচিয়ানগৰাকীয়ে হাঁহিছে, “টোপনি ধৰিলে ফেচিয়েলে ভাল কাম দিয়ে”।

আইনাখনলৈ চালোঁ। দামী ফেচপেকটোৱে মোৰ মুখৰ উজ্জ্বলতা কঢ়িয়াই আনিছে।

বিউটিচিয়ানগৰাকীয়ে কৈছে, “বৰ ধুনীয়া আপুনি।”

দৃশ্যাংশ ৩:

পিছদিনা আবেলিলৈ হোটেল কক্ষত বাহৰ পাতিলোঁহি। মোৰ ড্ৰেছ কোড নীলা। চাৰিআলিৰ সেই দুশটকীয়া মহিলাগৰাকীৰ দৰে ৰঙা ৰুমাল এখন লৈ নুফুৰোঁ মই। মোৰ কামবোৰ কিছু ৰাজকীয়। এখিনি দায়িত্বশীল মানুহৰ কাষে কাষে ঘূৰি ফুৰোঁ মই। তেওঁলোকলৈ যি কেমেৰা ঘূৰে, সেই কেমেৰাতে বন্দী হওঁ মই। কাৰো সাধ্য নাথাকে মোক বেশ্যা বোলাৰ।

বেশ্যা, গণিকা, দেৱদাসী, কলগাৰ্ল- যি নামেই নিদিওঁ কিয়, এয়াতো আদিম বৃত্তি। বুদ্ধৰ পৃথিৱীতে নাছিল নে মহাভাৰতৰ যুগত নাছিল এই বৃত্তি? আম্ৰবনৰ সেই সুন্দৰী গণিকাগৰাকী, যাৰ ৰূপগুণ কেৱল এজনৰ বাবে সীমাবদ্ধ হোৱা উচিত নহয় বুলি গণিকাবৃত্তিলৈ আগবঢ়াই দিছিল আম্ৰবনৰ প্ৰজাই। নতুবা মাধৱসেনা, যাৰ সুৰত বাজি উঠিছিল কালিদাসৰ কবিতা, সেই সকলোবোৰেইতো সমাজে নিলগাই থোৱা পেছা। এই পেছাটোৰ বিষয়ে কিয় মুকলিকৈ কোৱা নাযায়? মোৰ ফ্লেটত একেলগে থকা ৰংগনাই মোৰ এই বৃত্তিৰ বিষয়ে নাজানে। নাজানে মোৰ কোনো আত্মীয়-স্বজনে। জানে যে, কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আঁচনি এটাৰ ভাল পদাধিকাৰী মই। নাজানে, মোৰ এই চাকৰিৰ শিক্ষাগত অৰ্হতা কেৱল মোৰ শৰীৰটো, যি যিকোনো পৰিস্থিতিতে ওপৰৱালাক সহযোগ কৰিবলৈ উন্মুখ হৈ থাকে। আমাৰ প্ৰতিষ্ঠানৰ যিকোনো জটিল পৰিস্থিতি মই চম্ভালি ল’ব পাৰোঁ। সঞ্চালক ছাৰৰ বিশ্বাস আছে মোৰ ওপৰত। মোৰ লয়লাসী খোজ আৰু হৰিণী-চঞ্চল দৃষ্টিয়ে আনি দিয়া বিশ্বাস সেয়া। সেই চাৰিআলিৰ ৰঙা শাৰী পিন্ধা মহিলাগৰাকীৰ দৰেই সেই বিশ্বাস। মানুহগৰাকীৰ বিপৰীতে মোৰ আছে নিজৰ মতে সজাই লোৱা এটা যৌৱন। আৰু আছে আচৰিত এক মোহিনীশক্তি। সেই মোহিনীশক্তিৰ আলমতে মই দুবছৰৰ আগৰ কোনো এদিন এই বিখ্যাত চিকিৎসা প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ টেবুলত থিয় দি ৰৈছিলোঁগৈ, হাতত কম্পিউটাৰ প্ৰিন্টেড বায়’ডাটা।

আন কোনোৱে সততে সাক্ষাৎকাৰ নোপোৱা সঞ্চালকজনে মোৰ বায়’ডাটা লৈ খুঁটিয়াই চাইছিল, এনে কি বিশেষ আছে মোৰ বায়’ডাটাত?

নাই, তেনে কোনো বিশেষ নাছিল মোৰ বায়’ডাটাত। তেনে হাজাৰখন বায়’ডাটা পৰি আছিল সঞ্চালকৰ ফাইলত। বিশেষ আছিল মোৰ আবেদনময়ী চকুযোৰত। বিশেষ আছিল মোৰ শৰীৰৰ খলা-বমাত। মোৰ চকুলৈ চাই হিপন’টিজমৰ বশ হৈছিল তেওঁ। ঠিক জানিছিলোঁ মই, চকুৰ পৰা তেওঁৰ দৃষ্টি তললৈ নামি আহিছিল, স্কিন কালাৰৰ টাইট লেগিংচৰ মাজেৰে স্ফীত হৈ ওলাই থকা নিপোটলখিনিত চকু ৰাখি তেওঁ মোক সুধি পেলাইছিল, “নাইট ডিউটি কৰিব পাৰিবা?”

দৃশ্যাংশ ৪:

দুদিন পিছতেই এপইন্টমেণ্ট লেটাৰ পালোঁ। মোৰ হস্পিতেল-মেনেজমেণ্টৰ ডিগ্ৰী অনুসাৰে এটা উচ্চ পৰ্যায়ৰ চাকৰি। চাকৰিটোৰ লগতে ঘূৰা-ফুৰা কৰিবলৈ এখন দামী গাড়ী, মাহটোত দুবাৰ তিনিবাৰ হিলষ্টেচনৰ কোনো অভিজাত হোটেলত নৈশযাপন আৰু হিচাপে নধৰা এগাল উপহাৰ। যৌৱনে ওপচাই দিছিল মোক। যৌৱনৰ বৰষুণজাকত তিতিছিলোঁ, ডুবিছিলোঁ, চুলি তিয়াই গা ধুইছিলোঁ।

বাহিৰৰ পৃথিৱীখনক ভেল্কি মাৰিবলৈ নাইট ডিউটি, অফিচিয়েল টুৰ- এইবোৰ ভুৱা শব্দ কিছুমান আছিলেই। ভিতৰখনত আছিল নাৰী-পুৰুষৰ সেই আদিম পৃথিৱী। বহুত ডাঙৰ সমস্যাবোৰৰ সমাধানৰ পথ আছিল সেই পৃথিৱীখনত। অচিন এচাম মানুহৰ দেহৰ তৃষ্ণা পূৰোৱাত ব্যস্ত হৈ পৰে মোৰ কোমল অংগবোৰ। যিমানেই উজাৰি দিছিলোঁ, সিমানেই দাম বাঢ়িছিল মোৰ। সম্পত্তি বাঢ়িছিল, ব্যস্ততা বাঢ়িছিল, একাউন্টত সংখ্যাবোৰ বাঢ়ি গৈছিল। ইমান সহজ ধন আৰ্জিবলৈ! ইমান সহজ পন্থা এয়া। অলপ মাথোঁ চাতুৰীৰ দৰকাৰ। উঁৱলি যোৱা চাৰ্টিফিকেটখন লৈ চাকৰিৰ কাৰণে শাৰী পতা ছোৱালীসকললৈ বৰ পুতৌ জন্মিছিল। কি নাই সিহঁতৰ? সৱ আছে। সাহস নাই। মোৰ গাড়ীৰ ক’লা গ্লাছৰ ফাঁকেৰে চাই পঠিয়াওঁ সিহঁতৰ চিগিবলৈ ধৰা চেণ্ডেলযোৰ। তুলনা কৰি পেলাওঁ মোৰ দামী গাগলচৰ স’তে। কটন কলেজৰ ডাঠ চছমা পিন্ধা সেই চোকা ল’ৰাজনে হেনো চাকৰিৰ পিছে পিছে দৌৰিয়েই আছে। ল’ৰাবোৰলৈ বেছিকৈ দুখ লাগে। সিহঁতৰ ওচৰত মন থাকিলেও যে সুযোগ নাই। ৰাতিপুৱা চাকি জ্বলাওঁতে ওঁঠেৰে গুণগুণনি এটা ওলাই আহে, “অগলে জনম মুহে বিটিয়া হে কিজো।”

দৃশ্যাংশ ৫:

উন্মাদ যৌৱনত বকবককৈ উতলি থকা অৱস্থাতে মোক যেন জীৱনটোৱে লাহেকৈ লুটিয়াই দিছিল। লগ পাই গৈছিলোঁ সেই ল’ৰাজনক। বৰকৈ সাধাৰণ অথচ অসাধাৰণ ব্যক্তিত্বৰ সেই ল’ৰাজন। চঞ্চল চকু অথচ কি সুগভীৰ দৃষ্টি! নতুনকৈ নিয়োজিত হৈছিল আমাৰ প্ৰতিষ্ঠানটোত। পিছদিনাই ৰাওনা হ’বলগীয়া মোৰ স্বাস্থ্যপৰীক্ষাৰ দায়িত্ব আছিল তেওঁৰ ওপৰত। কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ পৰা আহিবলগা দলটোৰ খাতিৰ বাতিৰত যাতে মোৰ ফালৰ পৰা কোনো হেমাহি নঘটে, সেই নিমিত্তেই মোৰ শৰীৰ ঠিকে থকাটো বৰ জৰুৰী আছিল।

হঠাতে হোৱা জ্বৰটোক লৈ চিন্তিত হৈ পৰিছিল এম ডি। চিন্তিত হৈ পৰিছিল ডাক্তৰ ধ্যান। বাৰে বাৰে টেম্পেৰেচাৰ চেক কৰিছিল তেওঁ। বেমাৰী দেহাৰে মোক টুৰলৈ পঠিওৱাটো তেওঁ যেন হজম কৰিব পৰা নাই। তেওঁতো নাজানে, ব্ৰয়লাৰ পোহাৰ দৰেই এইবোৰ কথা, যিমানেই দানা পানী নিদিলেও উদ্দেশ্য সেই একেই-মাংস ভোজন। মোৰ মঙহবোৰৰো এই সময়ত বৰ দাম। আমাৰ চিকিৎসা প্ৰতিষ্ঠানটো এটা বেয়া দুৰ্নীতিত ফঁচি আছে। তদন্তকাৰী দলটোক সন্তুষ্ট কৰিবলৈ এম ডিয়ে মোৰ মুখলৈ চাইছে। মই আশ্বাস দিছোঁ। আত্মবিশ্বাস মোৰ প্ৰধান অস্ত্ৰ।

“নগ’লে নহয়নে?”, ডাক্তৰ ধ্যানে মোৰ কপালত হাত থৈ সুধি পেলায়।

চকু মুদি পৰি ৰ’লোঁ মই। কোনে সোধে এনেকৈ মোক? আয়ে সুধিছিল, “বেমাৰী দেহাৰে স্কুল নগ’লে নহ’বনে?” নে বোপাইৰ কোমল কণ্ঠ আছিল সেয়া?

এম ডিৰ কথামতে ডাক্তৰ ধ্যানে ঔষধৰ ড’জ বঢ়াই দিয়ে। মুখখন গোমোঠা হৈ পৰে তেওঁৰ, ড’জ বঢ়াবলৈ মন নাছিল তেওঁৰ, কিন্তু ছাৰৰ অৰ্ডাৰ, ফ’ল’ কৰিবই লাগিব।

এসোপা পেৰাচিটামল, এন্টিবায়টিক আৰু শক্তিবৰ্ধক কেপচুলেৰে মই পিছদিনাৰ টুৰৰ বাবে সাজু হ’লোঁ। ধ্যানে মাজে মাজে মোৰ স্বাস্থ্যৰ খবৰ লৈ থাকিল। শৰীৰৰ তাপমাত্ৰা কমিছিল। সুস্থ হৈছিলোঁ। কিন্তু মনৰ উত্তাপ বাঢ়ি গৈছিল। সৰু পাহাৰখনৰ ওপৰৰ ৰিজৰ্টখন পাওঁগৈ মানে মোৰ চিন্তাবোৰ হেন্দোলিত হ’বলৈ ধৰিছিল। এম ডিৰ ফোনটোৱে চিন্তাত যতি পেলাইছিল। ৰূমৰ পৰা ওলাই আহি টিমটোৰ লগত অন্তৰংগ হৈ পৰিলোঁ। চেম্পেইনৰ গিলাচত চুমুক দিলোঁ। নিচাগ্ৰস্ত চিকাৰী হৈ নিচাগ্ৰস্ত চিকাৰবোৰৰ দুৰ্বল বিন্দুবোৰ খুঁটিয়াই থাকিলোঁ।

এটা সময়ত হাতত স্কটচৰ গিলাচ লৈ ঢলং পলংকৈ খোজ কঢ়াজনক অনুসৰণ কৰি মই দুৱাৰত নক কৰিলোঁ। শৰবিদ্ধ হৈ চিকাৰীয়ে মোক জপটিয়াই ধৰিলে। তাৰ পিছত এখন দুৰ্বাদল যুদ্ধ। আদিম পৃথিৱীত বিলীন হোৱাৰ যুদ্ধ।

লাইটটো নুমুৱাই দিলোঁ।

শেহৰাতি এখন বিচনাৰ পৰা আনখন বিচনালৈ শৰীৰটো চোচৰাই নিওঁতে শৰীৰৰ অৱশিষ্ট তাপমাত্ৰাখিনি যেন খহি পৰিছিল। ওভতি আহিছিলোঁ নিজৰ কোঠালৈ। বাথৰূমত সোমাই ৱাক ৱাককৈ বমি কৰি পেলাইছিলোঁ।

শ্বাৱাৰৰ গৰম পানীখিনিয়েও কুমজেলেকুৱাৰ দৰে বীজলুৱা পৰশটো দেহাৰ পৰা আঁতৰাই দিব পৰা নাছিল। আঁতৰাব পৰা নাছিল দামী সুৰাৰ ভেকেটা ভেকেট গোন্ধ। বাথটাবত পৰি আছিলোঁ বহুতদেৰি। কি হ’ল মোৰ? কি’হে মোক পিছলৈ ঠেলিছে?

টুৰ সামৰি ঘূৰি আহিছিলো।

এম ডি সন্তুষ্ট হৈছিল। তেওঁৰ নামত ভালকৈ প্ৰতিবেদন প্ৰস্তুত হৈছে।

দৃশ্যাংশ ৬:

টুৰৰ পৰা ঘূৰি আহি আকৌ লগ পালো ধ্যানক। আকৌ সেই সুগভীৰ চাৱনি! পলাইছিলোঁ মই, মোৰ দেহাৰ পৰা কুমজেলেকুৱাবোৰ পিলপিলকৈ ওলাই আহিছিল। দৌৰি আহি মই গাড়ীত বহিছিলোঁ। এক কথাত, অপ্ৰকৃতিষ্ঠ আচৰণ কৰিছিলোঁ মই। ধ্যানে একধ্যানে যেন মোলৈ চাই ৰৈছিল। সেই চাৱনিটোত মই ভিতৰি ভিতৰি জ্বলি গ’লোঁ। ৰক্তকণিকাবোৰ বিষধৰ সাপ হৈ মূৰৰ পৰা ভৰিলৈ দৌৰাদৌৰি কৰি থাকিল। নিজক চুবলৈ মোৰ ঘিণ লাগিল। আঙুলিবোৰেৰে লেওসেওকৈ পেলু এখিনি ওলাই আহিল। ৱাশ্বৰূমলৈ দৌৰ মাৰিছোঁ। পেটত হেঁচা মাৰি বমি কৰিছোঁ। বমি কৰি কৰি লেবেজান হৈ গৈছোঁ। ৰংগনাই ডাক্তৰ ধ্যানক মতাই আনিছিল।

ধ্যানে তাৰ হাতত মোৰ হাত তুলি লোৱাৰ লগে লগেই যেন চমৎকাৰ হৈ গৈছিল। সাপবোৰ মৃত হৈ গ’ল। বিষবোৰ নোহোৱা হৈ গ’ল। তাৰ সংস্পৰ্শত ভবাতকৈ বেছি বেগাই গ’ল সময়বোৰ। ধ্যানে মোৰ মুখত ঔষধ ঢালি নেপকিনেৰে মুখ মচি দিব পৰা হৈছিল। কোনোবা নিকটাত্মীয়ৰ দৰে হাতৰ নাড়ী পৰীক্ষা কৰিবলৈ সি মুখলৈ চাই ৰৈছিল বহু পৰ। কিছু সুস্থ হোৱাৰ পাছত এদিন মোক হাতত ধৰি বাহিৰলৈ উলিয়াই নিলে।

মৌনতাৰ দুবৰি গচকি খোজে খোজে খোজ মিলাই আমি সেইদিনা বহুদূৰ পালোঁগৈ। সান্নিধ্যৰে উমাল হৈ পৰিছিল চৌপাশ। নৈপৰীয়া বতাহজাকেও চেঁচা কৰিব নোৱাৰিলে এই সান্নিধ্যৰ। প্ৰাচীন পাহাৰখনৰ দৰে সেউজীয়া হৈ ওফন্দি উঠিলোঁ মই। পাহাৰখনতে বাট হেৰুৱালো মই। অংকবোৰৰ খেলিমেলি লাগিল। ধ্যানৰ উন্মাদ ভালপোৱাত যেন মূল্যহীন হৈ পৰিল অফিচে প্ৰদান কৰা বিশাল পেকেজৰ, মূল্যহীন হৈ পৰিল দামী আচবাববোৰৰ। এই যেন ধ্যানৰ লগত মৰুৰ বালিচৰতো সেউজীয়া উদ্যান এখন গজি উঠিব। চাকুলেন্টৰ মঙহাল অংগবোৰত কেৱল মৰমৰ ৰস সোমাই থাকিব। সেই মৰম হেৰাই যোৱাৰ ভয়ত ৰাতি দুপৰত ছটফটাই উঠোঁ মই । প্ৰায়েই সপোনত মৰুভূমিৰ ক’লা বিষাক্ত সাপবোৰে ফণা মেলি কয়, “তই ধ্যানৰ যোগ্য নহয়, যোগ্য নহয়।

আৰু সিফালে ধ্যানে মোৰ আঙুলিৰ গাঁঠিবোৰ পিতিকি পিতিকি কৈ উঠে, “সাৱধানে থাকিবা নীলা। তোমালৈ মোৰ বৰ চিন্তা হয়।“

উশাহ বন্ধ হৈ যায় মোৰ, কোনোমতে সেপ ঢুকি সোধোঁ, “কি চিন্তা হয় ধ্যান?”

“নাই, এই যে অফিচিয়েল টুৰবোৰ…”, আধৰুৱাকৈ কৈ থয় সি।

“সিহঁতৰ মতলববোৰ ঠিক নালাগে নীলা।”, আধৰুৱা বাক্যটো শেষ কৰে সি।

মুখৰ ভিতৰতে কোৱা কথাষাৰত মই এটা শিলৰ মূৰ্তি হৈ পৰোঁ।

দৃশ্যাংশ ৭:

স্বাস্থ্যজনিত ছুটি শেষ হ’বলৈ নৌপাওঁতেই ডিৰেক্টৰে জৰুৰীভাৱে মাতি পঠিয়াইছে মোক, ওপৰৰ পৰা কোনোবা আহিব হেনো। মই এয়াৰপ’ৰ্টৰ পৰা আনিবগৈ লাগে। এয়াৰপৰ্টৰ পৰা আনিবলৈ কোৱাটো আনুষ্ঠানিকতা। বাকীখিনি মই নিজে বুজি ল’ব লগা কথা। ফোনটো থৈ ৰেলিঙত ভেজা দি আকাশলৈ চাই ৰ’লোঁ। আলসুৱা মেঘবোৰে আপোনমনে লুকাভাকু খেলিছে। মোৰহে লুকাবলৈ ঠাই নাই। কিনি লৈছে সিহঁতে মোক। এতিয়া মোৰ ইচ্ছা-অনিচ্ছাৰ কোনো মূল্য নাই। খঙতে বেলকনিৰ পৰা তললৈ জপিয়াই দিবলৈ মন গ’ল মোৰ। এই পৃথিৱী এৰি যামগৈ, যামগৈ। ইয়াত এবাৰ ভুল হ’লে শুধৰুৱাৰ কোনো ৰাস্তা নাথাকে।

প্ৰেম আৰু বাস্তৱৰ মাজত থৈয়া-নথৈয়া যুদ্ধ লাগে। ভুল-শুদ্ধৰ সীমাৰেখাডালত কাঁইটীয়া গছ গজে। বিন্ধে মোক সিহঁতে। বৰকৈ বিন্ধে। তেজেৰে তুমুৰলি হৈ মই জ্ঞান হেৰুৱাই আকৌ পথভ্ৰষ্টা হওঁ। আকৌ নিজক সজাই তোলাৰ আখৰা চলে। ভৰিৰ পৰা মূৰলৈকে দক্ষ হাতৰ কচৰৎ চলে। সৰিয়হ-পিছল কৰি তোলা হয় সকলোবোৰ। আইনাৰ দৰে জিলিকে শৰীৰ। চকুৰ গুৰি নিজিলিকে। চকুৰ দৃষ্টি উজ্বলি নুঠে। এসময়ৰ পাকৈত ব্যাধৰ দৃষ্টিত যেন ছানি পৰে।

“গেট ৰেদি। গাড়ী গৈ আছে।“, এম ডিৰ মেচেজ।

মেচেজটোলৈ চাই হুমুনিয়াহ এটা নিগৰি আহে। দামী প্ৰলেপে মুখখন উজ্বলাব পৰা নাই। চুলিখিনি এইবাৰ হাইটলাইট কৰি ল’লোঁ।

চুলিখিনি হাইটলাইট কৰি অহাৰ পিছতেই ধ্যান ওলালহি, মোক দেখিয়েই কপাল কোঁচালে, “ভাল লগা নাই। মতা কুকুৰাৰ নেগুৰৰ দৰে লাগিছে”।

ধ্যানৰ ৰসিকতা শুনি হাঁহি উঠি গ’ল। ড্ৰয়িংৰূমতে তাক এৰি মই সাজু হ’লোঁ। অফিচৰ গাড়ী আহিল।

“ময়ো যামনে লগত?”, ৰংগনাৰ হাতৰ পৰা চাহকাপ লৈ মোক সুধিলে সি।

মই চিঞৰি দিলোঁ, “না না না না।“

মোৰ উত্তৰত ধ্যান কিছু আহত হ’ল। মলিন হৈ পৰিল মুখমণ্ডল। আহত হ’লোঁ ময়ো। কি কৰোঁ মই, কিদৰে খুলি দিওঁ মোৰ বীভৎস দুনিয়াৰ দুৱাৰখন।

গোমোঠা মুখেৰে গুচি গ’ল সি। ময়ো গাড়ীত উঠিলোঁ গহীনভাবেৰে। খিৰিকীৰ গ্লাছেৰে বাহিৰলৈ চাই গৈ আছোঁ। বেলিটো আঁচলত বান্ধি গধূলিটোৱে পৃথিৱীখন মেৰিয়াই লৈছে। বিমানবন্দৰৰ জাকজমক পোহৰত অভ্যাগতক আদৰিবলৈ হাতত ৰজনীগন্ধা এথোপা লৈ ৰৈ থাকিলোঁ। শুকুলা চুলিৰ দীৰ্ঘদেহী মানুহ এজন মোৰ ফালে আগবাঢ়ি আহিল।

গেষ্ট হাউচ পালোঁহি। অভ্যাগতৰ লগত আগৰ দৰে সহজ হ’ব নোৱাৰিলোঁ মই। ধ্যানৰ চকুহালে মোৰ আত্মবিশ্বাস কমাইছে।

ডিনাৰৰ সময়ত মাথোঁ দুই-এটা কথাৰ আদান প্ৰদান হ’ল। ডিনাৰৰ পিছত তেওঁ ৰূমলৈ গ’ল। তিনিকুৰি বয়সৰ শুভ্ৰকেশী মানুহজনক পিছফালৰ পৰা মই চাই থাকিলোঁ, তেওঁৰ নামতে যে মোৰ আজিৰ ৰাতিটো।

মনটো ভেকুৱাম হৈ পৰিল, একদম বায়ুশূন্য। ভাং খোৱা মানুহৰ দৰে চিন্তাশূন্য চিন্তা কিছুমানত ওপঙি থাকিলোঁ।

লনখনলৈ আগবাঢ়ি গ’লোঁ। স্ফটিকৰ দৰে জোনাকৰ টুকুৰাবোৰ ছিটিকি পৰিছে লনখনত। ছিটিকি পৰিছে চিৰিকি বৰষুণৰ টোপাল। গুলচ ফুলবোৰে আপোনমনে গা ধুইছে। ৰঙা-হালধীয়া বাগানভেলিয়া দুজোপাই আলিংগনত ৰত হৈ আছে। সিহঁতৰ ভ্ৰূক্ষেপ নাই কালৈকো। ভ্ৰূক্ষেপ নাই অজাতী চৰাই দুজনীৰ। ঠোঁটে ঠোঁটে লাগি সিহঁতেও কথা পাতিছে। বৰষুণৰ টোপাল এটা আহি মোৰ উদং বাহু চুমিলেহি। চক খাই উঠিলোঁ মই। তেনে সময়তে পিছফালৰ পৰা কঠিন হাত দুখনেৰে কঁকালত খামুচি ধৰিলে। শিথিল হৈ পৰিল মোৰ হাত ভৰি। যন্ত্ৰচালিত মানৱৰ দৰে তেওঁৰ লগত কোঠালৈ সোমাই গ’লোঁ।

শুভ্ৰকেশীয়ে জ্বলন্ত চিগাৰেটটো এছ-ট্ৰেত গুজি মোৰ মুখত ধোঁৱাখিনি এৰি দিলে। খহি পৰা চিফনৰ শাৰীখন পাকৈত ব’লাৰৰ দৰে চোফাৰ এচুকলৈ দলিয়াই দিলে।

আৰু এইফালে ওপৰা-ওপৰি মেচেজত ধ্যানৰ ছটফটনি, “ক’ত আছা ইমানদেৰি? কিয় ফোন ৰিচিভ নকৰা? উসঃ নীলা, এনেকৈ নোৱাৰোঁ মই নীলা। তোমাক নিজাকৈ লাগে মোক। একেবাৰে নিজাকৈ।”

দৃশ্যাংশ ৮:

পিছৰদিনা ফোন অফ ৰাখি বিচনাত পৰিলোঁ মই। কি কৰা উচিত মই? মানসিক অন্তৰ্দ্বন্দত বাৰুকৈয়ে ভাৰাক্ৰান্ত হৈ পৰিছোঁ। সেই চাৰিআলিৰ মানুহগৰাকীৰ দৰে উদ্ধত খোজ দিব পৰা নাই মই। ক’ৰবাত সূতা চিগিছে। আউল লাগিছে। এই আউলৰ নাম ধ্যান। এই আউলৰ নাম প্ৰেম। ধ্যানৰ প্ৰেমে মোৰ পেছাত আউল লগাইছে। ধ্যানৰ পৰা মই পলাবই লাগিব। পলাবই লাগিব।

কেইদিনমান সঁচাকৈয়ে তাৰ মুখামুখি নহ’লোঁ। নিজৰ চেম্বাৰত বহি থাকিলোঁ। এদিন সি মোক থাপ মাৰি ধৰিলে, “তোমাৰ লগত মোৰ কথা আছে নীলা।”

হাঁহি উঠি গ’ল মোৰ, ক’বলৈ মন গ’ল, “মোৰ যে কিমান কথা আছে তোমাক ক’বলগীয়া, অথচ ক’ব নোৱাৰোঁ। সেই কষ্ট তুমি কিদৰে বুজিবা ধ্যান।“ নক’লোঁ মই। বৰঞ্চ মনে মনে থাকিলোঁ।

“দেউতা আহিছে মোৰ ওচৰলৈ। তোমাৰ কথা কৈছোঁ। লগ পাব বিচাৰিছে।“

ভীষণ জোৰেৰে মই বিৰোধিতা কৰিলো। প্ৰথমবাৰৰ বাবে মই কান্দি পেলালোঁ, “এই সুখত মোৰ অধিকাৰ নাই ধ্যান। প্লিজ মোক অকলে থাকিবলৈ দিয়া।”

সি মোৰ চুলিখিনিত হাত ফুৰাই থাকিল, “পাগলী ইমান অলপতে চকুপানী ওলালে কিদৰে হয় বাৰু? যোৱা ঘৰলৈ যোৱা। দেউতাক লৈ তোমাৰ ওচৰলৈ গৈ আছোঁ। চাদৰ মেখেলা আছেনে নাই তোমাৰ?”

মই পিন্ধি থকা সাজযোৰলৈ চালোঁ। চুটি ৰঙা টপটোত মাখনবৰণীয়া দেহাটো মোৰ জিলিকি আছে। মেদহীন কঁকালত এতিয়াও জিলিকি আছে কোনোবা বৃদ্ধ কামুকৰ খামোচৰ দাগ। জিলিকি আছে মোৰ পচলা-কোমল কলাফুলত মৌন প্ৰতিবাদ।

চাদৰ মেখেলা নাই মোৰ ওচৰত। ৰংগনালৈ ফোন কৰিলোঁ, কথাটো শুনি আনন্দতে চিঞৰি দিলে তাই। মোৰ সুখত আটাইতকৈ বেছিকৈ সুখী হোৱা ছোৱালীজনীয়ে হৈছে তাই।

দৃশ্যাংশ ৯:

উচপ খাই উঠিলোঁ ধ্যানৰ দেউতাকক দেখি। তিনিকুৰি বয়সীয়া মানুহজনেও মোক ভালকৈয়ে চিনি পালে। চোফাত বহি তেওঁ বাৰে বাৰে কপালৰ ঘাম মচিছে। ঘামৰ টোপাল বিৰিঙিছে মোৰ নাকতো । অণ্ঠ কণ্ঠ শুকাই গৈছে মোৰ। কি হৈ গ’ল এয়া? কি হৈ গ’ল? ধ্যানৰ চকুত মোৰ অস্থিৰতা ধৰা নপৰিল। দেউতাকৰ স’তে মোক কথা পাতিবলৈ দি সি কিটচেনত চাহ বাকি থকা ৰংগনাৰ ওচৰ পালেগৈ।

নখেৰে মাটি চিকুটি আছোঁ, সেপ ঢুকিছোঁ। মাটি চিকুটিছোঁ, সেপ ঢুকিছোঁ। হাত ভৰি অসাৰ হৈ পৰিছে। মনটো আকৌ ভেকুৱামলৈ পৰিণত হৈছে। সমিধান নোলোৱা কথাৰ মিছিল এটাই জোঁৰ লৈ দলদোপ হেন্দোলদোপকৈ আগুৱাই গৈছে। তপত নিশ্বাসৰ ধোঁৱাই কোঠাটো ছানি ধৰিছে। গেষ্ট হাউচৰ ৰাতি মোৰ মুখত এৰি দিয়া চিগাৰেটৰ ধোঁৱাখিনিহে যেন ঘূৰি গৈছে তেওঁলৈ।

আৰু জুইৰ শিখাৰে নিজক কোবাই কোবাই এটা সময়ত কঠোৰ সিদ্ধান্ত এটা লৈ পেলালোঁ। ৰংগনা আৰু ধ্যানে কিটচেনত খুক খুককৈ হাঁহি থকাৰ মাজতে মই শুকুলা চুলিৰ মানুহজনক কথা দি পেলালোঁ। ধ্যান আৰু মোৰ সম্পৰ্কটো বন্ধ কফিন এটাত ভৰাই চাবিপাট তেওঁক দি দিলোঁ। আশ্বস্ত হ’ল তেওঁ ।

তাৰ বাদেনো কি উপায় আছিল মোৰ। তেওঁৰেই বা’ কি উপায় আছিল। তেওঁৰো ভালকৈয়ে মনত আছে, মোৰ কঁকালৰ খামোচৰ দাগটো যে তেওঁৰেই সৃষ্ট। ভালকৈয়ে মনত আছে তেওঁৰ, খহি পৰা চিফনৰ শাৰীখন চোফালৈ দলিওৱা মানুহজন যে তেওঁৱেই আছিল। তেওঁৱেই আছিল মোৰ প্ৰেমাস্পদ ধ্যানৰ দেউতাক, যাৰ ওচৰত মই মাত্ৰ তিনিদিনৰ আগেয়ে সৰ্বস্ব সঁপি আহিছিলোঁ। কান্দিবলৈ মন গ’ল চিঞৰি চিঞৰি, মোক কি ৰং দেখুৱালা ভগৱান, কি ৰং দেখুৱালা?

মৃত মাছৰ দৰে ঘোলা চকুৰে মৰহা ৰংবোৰ বাচি বাচি নিজৰ কৰি ল’লোঁ। কবিয়ে এনেই নকয়, জীৱন সাতো ৰঙৰ মেলা।

সামৰণি:

ৰংগনাই তাইৰ গল্পটো শেষ কৰিছে। চাৰিআলিৰ মহিলাগৰাকীয়ে হেনো আজিকালি পুৱা-গধূলি টেকেলি পিঠা বিক্ৰী কৰে। দিনে দুশ টকাতকৈ বেছি আৰ্জন হয় তাইৰ। আম্ৰপালি নামৰ নৰ্তকীগৰাকীয়েও শেষত গৈ বুদ্ধত্বত শৰণ ল’লে। মই উকা চিঠি এখন ধ্যানলৈ এৰি ৰেলষ্টেচনলৈ বুলি অটোত উঠিলোঁ। বহুত কথাই ক’বলৈ থাকিল তাক। উকা চিঠিখনত সি নিজৰ মতে কথাবোৰ ভৰাই ল’ব।

নামনিমুৱা ৰেলখনত বহি ল’লোঁ মই। সীমা পাৰ হৈ গৈ আছোঁ, ক’লৈ গৈছোঁ নাজানো। মাত্ৰ এটা কথাই জানো, মোৰ এই যাত্ৰা লক্ষ্যবিহীন হ’লেও পথভ্ৰষ্টা নহয়। মোৰ প্ৰেমে মোক বুদ্ধত্ব প্ৰদান কৰিলে। মোৰ বুদ্ধই মোক পথৰ সন্ধান দিলে। মন-চেতাৰত বুদ্ধৰ বাণী বাজি উঠিল,

বুদ্ধং শৰণং গচ্ছামি।

বুদ্ধং শৰণং গচ্ছামি।

বুদ্ধং শৰণং গচ্ছামি।

(সমাপ্ত)

Related Articles

Leave a Reply

Close