অসমশীৰ্ষ

পূব কামৰূপ,দৰঙৰ ভিন্ন প্ৰান্তত মোবাইল নেটৱৰ্কৰ সমস্যাত গ্ৰাহকৰ হাৰাশাস্তি

প্ৰথম খবৰ,মঙলদৈ:আজি কিছুদিনৰপৰা বৃহত্তৰ পূব কামৰূপ আৰু দৰঙৰ দুমুনীচকীৰ লগতে মঙলদৈ চহৰৰ সীমা মুৰীয়া গ্ৰামাঞ্চলত মোবাইল সেৱা ৰ জিঅ,এয়াৰ টেল ,ভোদাফোন ,বি এ চেনেল আদি প্ৰত্যেক টি ৰে নেটৱৰ্কৰ সমস্যাই গ্ৰাহক সকলক হাৰাশাস্তি কৰাৰ বাতৰি আহিয়েই আছে ৷যাৰ ফলত বিশেষ জৰুৰী সময়ত চিকিৎসালয় কিম্বা আৰক্ষী চকীলৈ খবৰ পঠিয়াবলৈয়ো নেটৱৰ্ক নাপায় ৷আন আন যাৱতীয় সম্পৰ্ক কৰিলে নেটৱৰ্ক কভাৰৰ বাহিৰত বুলি জনাই দিয়ে ,বিপৰীতে মোবাইল ডাটা কম্পেনিসমূহে দিনটো বিভিন্ন প্ৰলোভনৰ মেছেজ আৰু ৰিচাৰ্চজৰ বিজ্ঞাপন হে দিয়া দেখা যায় ৷ গ্ৰাহক সকলে পকেটৰ ধন খৰছ কৰি কম্পেনিসমূহক ধনী হে কৰা হৈছে ৷কৰ্তৃপক্ষৰ ওচৰত গ্ৰাহকে অভিযোগ দিলেও কোনো কাণসাৰ নিদিয়ে ৷ তৎকালীন কৈ নেটৱৰ্ক ব্যৱস্থা খৰটকীয়া কৰি সকলো মোবাইল গ্ৰাহকক এই সমস্যাৰ পৰা সুবিধা প্ৰদান কৰিবলৈ সচেতন মহলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

Related Articles

Leave a Reply

Close