অসমশীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰাত:ভ্ৰমণত হাতত লৈ ফুৰা সামগ্ৰীবিধ কি? দাম কিমান?

প্ৰথম খবৰ ব্যুৰ’:
দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাত: ভ্ৰমণত হাতত লৈ যোৱা দেখাত টৰ্চৰ দৰে সামগ্ৰীবিধ কি? শনিবাৰে কোবালাম বীচ্চত প্ৰাত:ভ্ৰমণত গৈ প্ৰধানমন্ত্ৰী মোদীয়ে চাফাই অভিযান চলাইছিল সমুদ্ৰতীৰত৷ তাতেই মোদীৰ হাতত দেখা গৈছিল টৰ্চৰ দৰে সামগ্ৰীবিধ৷ মোদীৰ হাতত দেখা পোৱা এই সামগ্ৰীবিধক লৈয়ে ব্যাপক চৰ্চা আছিল দেশবাসীৰ বহুতৰে মাজত৷ সামগ্ৰীবিধ কি হ’ব পাৰে? উত্তৰ আহিল স্বয়ং মোদীৰ পৰাই৷ টুইটাৰত তিনিখনকৈ ফটো দি মোদীয়ে ক’লে-
Since yesterday, many of you have been asking – what is it that I was carrying in my hands when I went plogging at a beach in Mamallapuram.

It is an acupressure roller that I often use. I have found it to be very helpful. https://t.co/NdL3rR7Bna


হয় এক’প্ৰেছাৰ ৰ’লাৰ৷ এক’প্ৰেছাৰৰ ৰ’লাৰৰ ব্যৱহাৰৰ জৰিয়তে শৰীৰত ৰেফ্লক্সীৰ জৰিয়তে হাত, ভৰিকে ধৰি শৰীৰৰ বিভিন্ন অংশত ৰক্ত সঞ্চালন বৃদ্ধি কৰিব পাৰি৷ ইয়াৰ জৰিয়তে, মানসিক চাঁপ, উদ্বেগ আদিও দূৰ কৰিব পাৰি৷ দামো বেছি নহয়, দুই তিনিশ টকাৰ পৰা বাৰশ, তেৰশ টকাতে ক্ৰয় কৰিব পাৰি এনে এক’প্ৰেংচাৰ ৰ’লাৰ৷

উল্লেখ্য যে, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ চেন্নাই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্লগিং কৰিছিল৷ প্লগিং হ’ল জগিঙৰ সময়ত দৌৰি লেতেৰা আৱৰ্জনা উঠাই যোৱা৷ 2016 চনত ছুইডেনত ব্যৱহৃত এই প্লগিং শব্দটো 2018ত সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰে৷ আৰু প্ৰধান মন্ত্ৰী মোদীয়ে টুইটটোত ploggingৰ সময়ৰ কথা বুলি উল্লেখ কৰিছে৷
ফটো সৌজন্য টুইটাৰ

Related Articles

Leave a Reply

Close