অসমশীৰ্ষ

ফুলগুৰি ধেৱা স্মৃতি দিবসত মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল

প্ৰথম খবৰ , বুলন চন্দ্ৰ নাথ,ৰহা: ভাৰতীয় কিষাণ সংঘ – অসমৰ উদ্যোগত ৰহাৰ ফুলগুৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ফুলগুৰি ধেৱাৰ আজি সামৰণি অনুষ্ঠানৰ মুকলি সভাত মূখ্য অতিথি হিচাবে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় – ” আজিৰ সমাজ ব্যবস্হাত কৃষকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক খেতিৰ লগত জড়িত কৰি উৎপাদন বৃদ্ধিৰ জৰিয়তে বিশ্বৰ প্ৰতিযোগিতা মূলক বজাৰ দখল কৰিবলৈ আগবাঢ়ি আহিব লাগিব ” ৷ আজি ইতিহাস প্ৰসিদ্ধ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্যোহ “ফুলগুৰি ধেৱা”ৰ ১৫৮ সংখ্যক তিনিদিনীয়া স্মৃতি দিবসৰ মুকলি সভাত উপস্থিত থাকি অসমৰ মুুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে তেওঁৰ ভাষন প্ৰসংগত আৰু কয়,- ” বৰ্তমানৰ চৰকাৰে কৃষি ক্ষেত্ৰখন উত্তৰণৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহন কৰিছে ৷ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিবৰ্তে জৈৱিক উপায়েৰে কৃষি উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰিছে আৰু উওৰপূৰ্বাঞ্চলক জৈৱিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ মূল কাৰক হৈছে জীৱ শ্ৰেষ্ঠ মানুহ বুলি। তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ৷ যোৱা বছৰত অসমৰ ৫০ হাজাৰ কৃষকক পাঁচ হাজাৰকৈ সাহাৰ্য্য প্ৰদান কৰা হৈছিল যদিও এইবাৰ এক লাখ কৃষকক চৰকাৰী সাহাৰ্য্য প্ৰদান কৰা হব ।ফুলগুৰি ধেৱা উৎযাপন সমিতিৰ সভাপতি সমৰ সিং ডেকাৰ সভপতিত্বত ফুলগুৰি হাইস্কুলত অনুস্হিত হোৱা সভা খনত অসমৰ বোলছবি জগতৰ বিশিষ্ট অভিনেতা প্ৰঞ্জল শইকীয়া, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী , বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা , নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায়মেধি ,ৰ লগতে যথেষ্ট সংখ্যক লোক উপস্থিত থাকে ৷ ৰহা নগৰ সমিতিৰ প্ৰাক্তন সভাপতি তথা উদযাপন সমিতিৰ যুটীয়া সম্পাদক মনজ্যোতি বৰাই আঁত ধৰা মুকলি সভাৰ উদ্ধোধনী ভাষণ প্ৰদান কৰি ভাৰতীয় কৃষাণ সংঘৰ অসমৰ সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰাই ফুলগুৰি ধেৱাৰ চমু বিৱৰণ ডাঙি ধৰি এই বিদ্ৰোহৰ কাৰক সমূহ পূনৰ আজিৰ সমাজব্যবস্হাত প্ৰাংসঙ্গিক হৈ পৰিছে বুলি উল্লেখ কৰি ধেৱাৰ লগত জড়িত মানুহ পোৰা বিলক চৰকাৰে সংৰক্ষণ কৰাৰ লগতে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যবস্থা কৰাৰ বাবে চৰকাৰ আৰু অনান্য সংগঠন সমূহ আগবাঢ়ি আহিবলৈ আহ্বান জনাই ।উল্লেখযোগ্য যে এই ঐতিহাসিক ফুলগুৰি ধেৱা স্মৃতি দিবসৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে ফুলগুৰি ধেৱা সম্পৰ্কত বিশেষ কোনো মন্তব্য ৰখাৰ পৰিবৰ্তে চৰকাৰে গ্ৰহন কৰা আচনি সমুহৰ বিষয়ে ভাষন ৰখা পৰিলক্ষিত হল ৷ ইফালে ভাৰতীয় কৃষাণ সংঘই ফুলগুৰি ধেৱাক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰাৰ বাবে ব্যৱস্থা লবলৈ চৰকাৰক দাবী জনাই আহিছে।

Related Articles

Leave a Reply

Close