অসমশীৰ্ষ

বগৰিবাৰী আৰক্ষী থানাত ৩৫ তম সাৰ্বজনীন দুৰ্গা পূজাঁৰ প্ৰস্ত্ততি সমপন্ন

প্ৰথম খবৰ,বগৰিবাৰী:কোকৰাঝাৰ জিলাৰ বগৰিবাৰী থানাত আন আন বছৰৰ দৰে এইবেলিও ৩৫ তম সাৰ্বজনী, শাৰদীয় দুৰ্গাপূজাঁৰ প্ৰস্ত্ততি প্ৰায় সমপন্ন হৈ উঠিছে । প্ৰাক্তন মূখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ১৯৮৫ চনত বগৰিবাৰী আৰক্ষী চকীক আৰক্ষী থানা ঘোষণা কৰি ভেটি উদ্বোধন কৰে, আৰু তাহানীৰ পৰা বগৰিবাৰী আৰক্ষী থানাত সাৰ্বজনীন ভাবে দুৰ্গোৎসৱ পালন হৈ আহিছে । এই সাৰ্বজনীন দুৰ্গোৎসৱত বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশ গ্ৰহন কৰি প্ৰতিবছৰে পূজাঁ মণ্ডব স্থলীত মহা মিলন ক্ষেত্ৰ গঢ়ি তোলে ।এই বেলিও উদ্যোক্তা সকলে অনুৰূপ আশা ব্যক্ত কৰিছে । উল্লেখ্য যে, কোনো চাঁদা-বৰঙণি আদায় অবিহনে গাঠিৰ ধন খৰচ কৰি পূজাঁ অনুষ্ঠিত কৰাত ৰাইজে বগৰিবাৰী আৰক্ষীক ব্যপক ধন্যবাদ জ্ঞাপন কৰিছে । আনহাতে বগৰিবাৰী আৰক্ষী থানা এলেকাত অনুষ্ঠিত হোৱা ১৩ খন পূজাঁ মণ্ডৱলৈ পৰ্বতঝোৰা বিপিএফ দলৰ সভানেত্ৰী মুনমুন ব্ৰম্মই ৫/৬ হেজাৰ কৈ টকা দান বৰঙণি আগবঢ়োৱাত বক্ত প্ৰাণ ব্যক্তি সকলে তাইক আশিৰ্বাদ যাচে । বগৰিবাৰীৰ সাৰ্বজনীন দুৰ্গাপূজাঁত সকলো ৰাইজৰ সহায় সহযোগীতা কামনা কৰি নিমন্ত্ৰণী শৰাই আগবঢ়াই পূজাঁ পৰিচালনা সমিতিৰ সম্পাদক/সভাপতি ক্ৰমে অচি দেৱজিৎ শৰ্মা, আৰু শিক্ষাবিদ ভৰত চন্দ্ৰ বৰ্ম্মনে জানিব দিয়ে ।

Related Articles

Leave a Reply

Close