অসমশীৰ্ষ

বাদুলিপাৰত বিহাৰৰ ঠগ-প্ৰৱঞ্চক আটক

প্ৰথম খবৰ, বাদুলিপাৰা,পাৰ্থপ্ৰতীম বৰুৱা:বিভিন্ন সময়ত কৌশলৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি ফুৰা এটা প্ৰৱঞ্চকক আজি দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰত ৰাইজে কৰায়ত্ত কৰে ৷ হিন্দু ধৰ্ম মতে গো বধ কৰাৰ ফলত দিঙিত পঘা মেৰিয়াই খুজি-মাগি খোৱাৰ অভিনয়েৰে বাদুলিপাৰৰ ব্যৱসায়িক এলেকাত ধন সংগ্ৰহ কৰি ফুৰোঁতে ৰাইজৰ সন্দেহ হোৱাত প্ৰৱঞ্চকটোক কৰায়ত্ত কৰাত আচল কথা ওলাই পৰে ৷ নিজকে বিহাৰৰ লক্ষণ চৌধুৰী বুলি পৰিচয় দিয়া হিন্দীভাষী প্ৰৱঞ্চকটোৱে ব্যক্ত কৰা মতে এসপ্তাহমানৰ পূৰ্বে বিহাৰৰ পৰা আহি বোকাখাতৰ বিহৰাত এটা দলে থাকিবলৈ লৈ এনেদৰে বিভিন্ন ঠাইত (ঠগ-প্ৰবঞ্চক)কৌশলেৰে ধন সংগ্ৰহ অভিযান চলাই আহিছে ৷ৰাইজৰ আগত প্ৰবঞ্চকটোৱে জনোৱা মতে তেওঁৰ পৰিয়ালৰ সকলোৱে বিভিন্ন সময়ত নানা বেশেৰে(কৌশলেৰে) এনেদৰেই ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি আহিছে। প্ৰৱঞ্চকটোক বাদুলিপাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় ৰাইজৰ উপস্থিতিত দেৰগাঁও থানাৰ আৰক্ষীৰ হাতত গটাই দিয়ে ৷

Related Articles

Leave a Reply

Close