অসম

বাৰপূজীয়া যোগনীয়া সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি

প্ৰথম খবৰ , বুলন চন্দ্ৰ নাথ ,ৰহা, ১৩ অক্টোবৰ:

১৯৬৯ চনতে স্থাপন হোৱা বাৰপূজীয়া যোগনিয়া সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী উৎসৱটিৰ আজি সফল সামৰণি পৰে ৷ কালি আৰু আজি ১২ আৰু ১৩ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোনালী জয়ন্তীৰ কাৰ্যক্ৰমণিকা অনুসৰি ১২ অক্টোবৰ পুৱা ৭ বজাত পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে বাৰপূজীয়া যোগনিয়া সমবায় সমিটি লিমিটেডৰ সভাপতি উপেন চন্দ্ৰ নাথে ৷ ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে যোগনিয়া সমবায় সমিতিৰ প্ৰতিষ্ঠাপক সদস্য চিত্তৰঞ্জন গোস্বামীয়ে ৷ ৮ বজাত স্মৃতি তৰ্পণ কৰে প্ৰতিষ্ঠাপক সদস্য মহীম ডেকাই ৷ দিনৰ ১১ বজাৰ পৰা ” মীন পালন আৰু স্বাৱলম্বিতা – আধুনিক চিন্তা ” শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ যোগনিয়া সমবায় সমিতি লিমিটেডৰ সভাপতি উপেন চন্দ্ৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰ খনিত বক্তা হিচাপে উপস্থিত থাকে নগাঁৱৰ মীন উন্নয়ন বিষয়া ড° ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনে আনহাতে “ কৃষি বাণিজ্যিকৰণত কৃষক গোটৰ ভূমিকা” শীৰ্ষক আলোচনাত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকে নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ড আৰু নগাঁও কৃষি বাণিজ্য বিভাগৰ প্ৰবন্ধক ধনাজী ৰাজাৰাম যাদৱে ৷ কেইবা শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা আলোচনা চক্ৰ খনত নিজৰ বক্তব্য প্ৰদান কৰি মীন উন্নয়ন বিষয়া ড° বৰ্মনে মীন পালনৰ সকলো দিশৰ উপৰত সবিস্তাৰে ব্যাখ্যা আগবাঢ়োৰ লগতে তথ্য সহকাৰে স্বাৱলম্বিতাৰ বিভিন্ন নিদৰ্শন দাঙি ধৰি সকলোকে উপকৃত কৰে ৷ আনহাতে কৃষি বাণিজ্যিকৰণত কৃষকৰ ভুমিকা শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰি জিলা কৃষি বিষয়া খাউণ্ডে কৃষি ক্ষেত্ৰত সবিস্তাৰে ব্যাখ্যা আগবঢ়োৱা লগতে আনগৰাকী বক্তা ৰাজাৰাম যাদৱেও নিজ বিভাগৰ তথা চৰকাৰৰ বিভিন্ন আচনিৰ জৰিয়তে সকলো উপকৃত হৱ পৰাকৈ ভাষন আগবঢ়াই ৷ আনহাতে আজি ১৩ অক্টোবৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷দিনৰ ১০ বজাত বাৰপূজীয়া সমবায় সমিতি খনৰ অংশীদাৰসকলৰ মাজত এখনি অন্তৰঙ্গ আলোচনা অনুষ্ঠিত হয় ৷ ১ বজাৰ পৰা সমবায় সমিটিৰ সভাপতি উপেন চন্দ্ৰ নাথৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয় ৷দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সোনালী জয়ন্তী উৎসৱৰ অন্তিম কাৰ্যসূচী মুকলি সভাত সমবায়খনৰ সম্পাদক ত্ৰৈলোক্য মোহন বৰাই উদ্দেশ্য ব্যাখ্যা কৰেে ৷ এই সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে ক্ৰমে বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ , মৰিগাঁও জিলা সমবায় সমিটি সমূহৰ সহকাৰী পঞ্জীয়ক প্ৰদীপ চন্দ্ৰ মেধি , বাৰপূজীয়া সমবায় সমিতিৰ সভাপতি ফাইন ডেকাৰজাৰ লগতে বহু কেইগৰাকী বক্তাই বক্তব্য ৰাখে । এই সভাতে স্মৃতিগ্ৰন্থ ” যোগনিয়াৰ ” উন্মোচন কৰে সাহিত্যিক , গৱেষক মিলেশ্বৰ পাতৰে ৷ আনহাতে এই সভাতে সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি বাৰপূজীয়া অঞ্চলৰ বিভিন্ন সামাজিক দিশত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি ক্ৰমে উপেন চন্দ্ৰ নাথ , চিত্তৰঞ্জন গোস্বামী , মহিম ডেকা , টুকেশ্বৰ সেনাপতি , প্ৰবীন কোঁৱৰ , পূৰ্ণ ভূঞা , মলয় লফং , যোগেন্দ্ৰ নাথ শইকীয়া , পূৰন চন্দ্ৰ ডেকা আৰু প্ৰমোদ ডেকাদলৈক সম্বৰ্দ্ধনা জনোৱা হয় ৷

Related Articles

Leave a Reply

Close