অসমশীৰ্ষ

বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ খেলুৱৈৰ পদক লাভ

প্ৰথম খবৰ,পঙ্কজ নাথ, চাংসাৰি:বিদ্যা ভাৰতীৰ ৩২ তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ নাগৌৰ ৰাজস্থানত অনুষ্ঠিত হৈছে। অসম তথা পূৰ্বোত্তৰ ক্ষেত্ৰই প্ৰথম দিনাই পদক বুটলিবলৈ সক্ষম হৈছে। এতিয়ালৈ দুটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক পাই অসম তথা পূৰ্বোত্তৰ খেলুৱৈ সকলে পদক জয়ৰ অভিযান আৰম্ভ কৰিছে। এই কথা শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই জানিবলৈ দিছে। ৬০০ মি. দৌৰত বালক শাখাৰ (ছোৱালী) শংকৰদেৱ শিশু নিকেতন, ন-আলিৰ ৰিমি পেগুৱে দ্বিতীয়, ৮০০ মি. দৌৰত কিশোৰ শাখাৰ (ছোৱালী) শংকৰদেৱ শিশু নিকেতন, লীলাবাৰীৰ ময়ুৰী গগৈয়ে তৃতীয়, দীঘল জাম্পত কিশোৰ শাখাৰ (ল’ৰা) শংকৰদেৱ শিশু নিকেতন পূৱ ৰঙানদীৰ প্ৰাঞ্জল দাসে তৃতীয়, ওখ জাম্পত কিশোৰ শাখাৰ (ছোৱালী) শংকৰদেৱ শিশু নিকেতন,এঘাৰমাইলৰ পৰিকলতা নৰহে দ্বিতীয় স্থান লাভ কৰে বুলিও প্ৰচাৰ সম্পাদক বৰাই এক বিবৃতি যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

Related Articles

Leave a Reply

Close