অসমশীৰ্ষ

বিবাহৰ প্ৰস্তাব প্ৰত্যাখান কৰাৰ বাবে ধৰ্ষণ, হত্যাৰ অপচেষ্টা ১৪ বছৰীয়া নাবালিকা ছাত্রীক

প্ৰথম খবৰ,ঢেকিয়াজুলি:ছাদিকুল ইছলাম নামৰ এজন লম্পট যুৱকে সপ্তমমান শ্ৰেনীত অধ্যয়নৰত ছাত্রী গৰাকীক কোঠাত বন্ধ কৰি ধৰ্ষণ,হত্যাৰ অপচেষ্টা চলায় | ছাত্রী গৰাকীৰ পৰিয়ালবৰ্গৰ এজাহাৰৰ ভিত্তিত বৰছলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট ছাদিকুল ইছলামক | Voice Over-বিগত এটা বছৰে ১৪ বছৰীয়া ছাত্রী গৰাকী বিদ্যালয়লৈ যোৱা পথত বাত আগছি ধৰি বিয়াৰ প্ৰস্তাব দি আহিছিল ছাদিকুল ইছলাম নামৰ লম্পট যুৱকজনে | বিয়াৰ প্ৰস্তাব প্ৰত্যাখান কৰাৰ বাবে ছাত্রী গৰাকীৰ বান্ধৱীৰ দ্বাৰা কৌশলেৰে মাতি আনি এটা কোঠাত বন্ধ কৰি ধৰ্ষণৰ অপচেষ্টা কৰি ডিঙিত কাপোৰ মেৰিয়াই ছাত্রী গৰাকীক হত্যা কৰাৰ চেষ্টা কৰে ছাদিকুল ইছলামে | পৰৱৰ্তী সময়ত এগৰাকী মহিলাই আহি উদ্ধাৰ কৰে ছাত্রী গৰাকীক |ঘটনা সন্দৰ্ভত বৰছলা সমষ্টিৰ ২ নং বছাশিমলুৰ টিলাবস্তিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় | সভাত ১৪ বছৰীয়া নাবালিকা ছাত্রী গৰাকীক ছাদিকুল ইছলাম নামৰ যুৱকজনৰ সৈতে বিবাহ পাশত আবদ্ধ হবলৈ জোৰজবৰদস্তিৰে ৰায়দান দিয়ে সভাত উপস্হিত থকা ৰাইজে | ছাত্রী গৰাকী আৰু পৰিয়ালৰ অভিযোগ মতে বিবাহ পাশত আবদ্ধ নহলে নাবালিকা ছাত্রী গৰাকীৰ পৰিয়ালে ডেৰ লাখ টকাৰ জৰিমনা ভৰিব লাগিব বুলি ঘোষণা কৰে সভাই | আনপিনে ধৰ্ষণ আৰু হত্যাৰ অপচেষ্টাৰ বাবে ছাদিকুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ছাদিকুল ইছলামৰ পিতৃ আব্দুল জলিল আৰু একাংশ গাঁওবাসীয়ে প্ৰদান কৰা ভাবুকিত সন্ত্রস্ত হৈ ঢেকিয়াজুলি চহৰত থকা মোমায়েকৰ বাসগৃহত আত্মগোপন কৰি থাকিব লগীয়া হৈছে ১৪ বছৰীয়া নাবালিকা ছাত্রী গৰাকী।

Related Articles

Leave a Reply

Close