অসমশীৰ্ষ

বিলাসীপাৰাত প্ৰধান শিক্ষকৰ পদলৈ সংঘাত:

প্ৰথম খবৰ,বগৰিবাৰী: ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাৰ টিপকাইৰ চৰ প্ৰিছিনিয়ৰ মাদ্ৰাছাৰ প্ৰধান শিক্ষক পদক কেন্দ্ৰ কৰি খোৱা কামোৰা অব্যাহত থকাৰ সময়ত বৈদ প্ৰধান শিক্ষক ফৰিজাল মামুদৰ বিৰুদ্বে আন গৰাকী প্ৰধান শিক্ষকৰ দাবীদাৰ এনামূল হকৰ সৈতে এটি দুষ্ট চক্ৰৰ দলে গভীৰ ষড়যন্ৰ ৰচাৰ উপৰি প্ৰধান শিক্ষক জনক হত্যাৰ ভাবুকী প্ৰদান কৰা কাৰ্যই অঞ্চলটোৰ শৈক্ষিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয় ।দুষ্ট চক্ৰটোৱে এগৰাকী ছাত্ৰী আৰু অবিভাৱকক পঞ্চাশ হাজাৰ টকাৰ প্ৰলোভন দি প্ৰধান শিক্ষক ফৰিজালৰ বিৰুদ্বে অশ্লীল ইংগিত দিয়া বুলি ছাত্ৰী জনীৰ দ্বাৰা অভিযোগ তোলে । যদিও ছাত্ৰী জনী আৰু তাইৰ অবিভাৱকে ভিত্তিহীন ঘটনাটো প্ৰধান শিক্ষকৰ দাবীদাৰ এনামূল হকৰ ভূৱা প্ৰলোভন আৰু হেচাঁত সংঘটিত হয় বুলি একাংশ ৰাইজ আৰু দুগৰাকী সাংবাদিকৰ আগত স্বীকাৰুক্তি দিয়াত সতীৰ্থ শিক্ষক এনামূল হকৰ মূখশ উদঙাই পৰে । উল্লেখ্য যে, ২০১২ চনত পূৰ্বৰ প্ৰধান শিক্ষক জনৰ মৃতু হোৱাত বিভাগীয় নিয়ম নীতি আৰু শিক্ষাগত অৰ্হতা মূলে ফৰিজাল মামুদে প্ৰধান শিক্ষকৰ দায়ীত্ব পায় । তেনে ক্ষেত্ৰত অযোগ্য এনামূল হকে বল প্ৰয়োগ কৰি প্ৰধান শিক্ষকৰ দায়ীত্ব লয় । বিষয়টোলৈ ফৰিজাল মামুদে মহামান্ন উচ্চ ন্যয়ালয়ৰ দ্বাৰস্থ হয় আৰু ন্যয়ালয়ে ফৰিজাল মামুদৰ পক্ষে ৰায় দান কৰে যদিও ন্যায়ালয়ৰ ৰায় আৰু বিভাগীয় কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশক বৃৰ্দাংঙুলি দেখুৱাই এনামূল হকে প্ৰধান শিক্ষকৰ পদত বাহাল থাকে । ২য় বাৰ উচ্চ ন্যয়ালয়ে পূণৰাই ফৰিজাল মামুদৰ পক্ষে ৰায় দান কৰাত মাদ্ৰাছা বৰ্ডৰ অধ্যক্ষই আৰু ধুবুৰী জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক(আই, এছ) বিষয়াই ফৰিজাল মামুদক প্ৰধান শিক্ষকৰ দায়ীত্ব চমজাই দিয়াৰ ভাবে এনামূল হকলৈ কঠোৰ নিৰ্দেশ জাৰি কৰে আৰু আই, এছে ফৰিজাল মামুদক ফাইনেঞ্চৰ দায়ীত্ব অৰ্পন কৰে । কিন্ত্ত স্থানীয় গুণ্ডা প্ৰকৃতিৰ, তথা গুৰু-গোহাই নমনা শিক্ষক এনামূল হকে পূৰ্বৰ দ্বাৰা অব্যাহত ৰখাত বিষয়-ববীয়াই খড়গহস্ত হৈ পৰে বুলি জানিব পাৰিছো । স্মৰ্তব্য যে, চৰম পৰ্যায়ত অৱনিত হোৱা ফৰিজাল মামুদ আৰু এনামূল হকৰ প্ৰধান শৈক্ষিক কেন্দ্ৰিক সংঘাতত সৰ্বত্ৰে বিফল হৈ নিজৰ ছাত্ৰীৰ দ্বাৰা ভূৱা অভিযোগ তোলা কাৰ্যক উক্ত গৱা ৰাইজৰ সৈতে বিভিন্ন স্বেচ্ছা-স্বেৱী সংগঠনে তীব্ৰ গৰীহনা জনাই এনামূল হকক বহীস্কাৰৰ দাবী তোলে যদিও বিষয়টো সংক্ৰান্তে বিভাগীয় কৰ্তৃপক্ষৰ পদক্ষেপ ৰাইজৰ বাবে লক্ষণীয় দিশ হৈ পৰে ।

Related Articles

Leave a Reply

Close