অসমশীৰ্ষ

বিশাল কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হ’ল কাৰ্বি আংলঙত মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ

প্ৰথম খবৰ,খেৰণি:শাৰদীয় দূৰ্গোৎসৱৰ সমান্তৰালকৈ প্ৰতিযোগিতামূলকভাৱে কাৰ্বি আংলঙত অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে ২৭ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবং-লাংচিবু আক্লামতো অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে এই মহোৎসৱ। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে এই মহোৎসৱ। বৃহত্তৰ খেৰণি অঞ্চলত এক বিশাল কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই জেংখা মণ্ডলে আজিৰে পৰা আৰম্ভ কৰে জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত মহোৎসৱস্থলিত কাৰ্বি সাংস্কৃতিক সমাজ, জেংখা মণ্ডলৰ সভাপতি অনিল তেৰণে মহোৎসৱৰ পতাকা উত্তোল কৰে। লগতে পাহাৰীয়া জিলাখনৰ শ্বহীদ আৰু প্ৰয়াত বিশিষ্ট ব্যক্তিক স্মৰণ কৰি শ্বাহীদবেদিত বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীও ৰূপায়ন কৰে। উল্লেখযোগ্য যে চাৰিদিনীয়া কাৰ্যসূচীৰে ৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈকে অনুষ্ঠিত কৰা এই মহোৎসৱৰ যোগেদি অঞ্চলবাসীৰ লগতে ৰাজ্যবাসীয়ে কাৰ্বিসকলৰ ৰীতি-নীতি, কলা-সংস্কৃতি, নৃত্য-গীত আৰু বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খেল-ধেমালি আদিৰ প্ৰতিযোগিতাসমূহ উপভোগ কৰিবলৈ সক্ষম হব। ইতিমধ্যে প্ৰতিযোগিতাসমূহৰ বাবে জেংখা মণ্ডলৰ অধীনত থকা ১২ টাকৈ সাংস্কৃতিক গোট তথা প্ৰতিনিধি দল আহি খেৰণিৰ চেংবং-লাংচিবু আক্লামত অনুষ্ঠিত কৰা জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছে।

 

Related Articles

Leave a Reply

Close