অসমশীৰ্ষ

বিশ্ব শান্তিৰ বাবে অশ্বক্লান্ত দেৱালয়ত আয়োজিত “শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ” সন্দৰ্ভত ৰাজহুৱা সভা সম্পন্ন 

প্ৰথম খবৰ,পঙ্কজ নাথ, চাংসাৰি:বিষ্ণুতীৰ্থ অসমৰ গয়া তীৰ্থ ৰূপে খ্যাত শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় । শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত আগন্তুক ২০২০ বৰ্ষৰ ২৮, ২৯ আৰু ১ মাৰ্চত বিশ্ব শান্তিৰ হকে এক মহান উদ্দেশ্য আগত ৰাখি শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাধু সন্তৰ লগতে ৰাজ্যৰ অগনন ভক্তই অংশগ্ৰহণ কৰিব লগীয়া যজ্ঞ ভাগ সুচাৰুৰূপে পৰিচালনা কৰি সুসম্পন্ন কৰাৰ বাবে আজি ২০ অক্টোবৰত দিনৰ ১২ বজাত শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ সমীপতে থকা গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় । দলৈ লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকি বিশিষ্ট আইনজ্ঞ ভবেন বসুমতাৰীয়ে ৬০০ বছৰীয়া ইতিহাস সমৃদ্ধ পুৰাণ প্ৰসিদ্ধ দেৱালয় বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্তৰ হেৰুৱা গৰীমা গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ বাবে যজ্ঞৰ দ্বাৰাই নৱ প্ৰজন্মক আকৰ্ষিত কৰিব পাৰি বুলি কয়। অশ্বক্লান্তক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তুলি অঞ্চলটো আধ্যাত্মিক আৰু আৰ্থিক প্ৰগতিৰ পথ প্ৰশস্ত কৰাৰ বাবে আহ্বান জনায়। সভাত চিলা সেন্দুৰী ঘোপা মৌজাৰ মৌজাদাৰ ৰাতুল বৰুৱা, অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া গিৰীশ কাকতি, সমাজকৰ্মী ধৈৰ্য্য বৰুৱা,উপদেষ্টা মুকুল হাজৰিকা, সমাজসেৱিকা মুন দাস, ভানুমতি দাস, উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়ো, সাংবাদিক মুকুটেশ্বৰ গোস্বামী প্ৰমূখ্যে আন বহু কেইগৰাকী ব্যক্তিয়ে যজ্ঞ সফল আয়োজনৰ বাবে দিহা পৰামৰ্শ আগবঢ়ায়। আগন্তুক যজ্ঞ সন্দৰ্ভত বিভিন্ন প্ৰস্তাৱ লোৱা হয়। উত্তৰ গুৱাহাটীৰ শিক্ষানুষ্ঠান সমূহৰ অধ্যক্ষ, প্ৰধান আচাৰ্য, সামাজিক সাংস্কৃতিক অনুষ্ঠান সমূহৰ মূৰব্বীসকলৰ লগতে স্থানীয় ৰাইজৰ প্ৰতিনিধিসকলে সভাত অংশগ্ৰহণ কৰে । চন্দন শৰ্মাই আতঁ ধৰা সভাৰ আৰম্ভণিতে উদ্ভাৱক যুৱ বৈজ্ঞানিক চম্পক বৰাক নাছা দ্বাৰা আয়োজিত উদ্ভাৱনী প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। লগতে অশ্বক্লান্ত দেৱালয় প্ৰচাৰ আৰু প্ৰসাৰত সেৱা আগবঢ়াই অহা সাংবাদিক দিগন্ত বৰদলৈ, ৰূপক ডেকা আৰু মুকুটেশ্বৰ গোস্বামীক সম্বৰ্ধনা জনোৱা হয়। অশ্বক্লান্ত দেৱালয়ৰ দলৈ লক্ষেশ্বৰ শৰ্মাই অসমবাসীৰ সহায় সহযোগিতা, পৰামৰ্শ আৰু সক্ৰিয় যোগদানৰে এই যজ্ঞ সুসম্পন্ন কৰা হব বুলি জানিবলৈ দি এই যজ্ঞত সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

Related Articles

Leave a Reply

Close