অসমশীৰ্ষ

বোকাখাতৰ সাপজুৰিত কনমানি শিশুক শাৰিৰীক ভাৱে প্ৰহাৰৰ ঘটনা

প্ৰথম খবৰ,বোকাখাত:বোকাখাতৰ সাপজুৰিত যোৱা ৮ অক্টোবৰত দুটি শিশুক সাপজুৰিৰ নিৱাসী পিন্টু চাহুয়ে শাৰীৰিক ভাৱে অত্যাচাৰ কৰা ঘটনাৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ পটভুমিত বোকাখা ত আৰক্ষীয়ে আজি এক সংবাদ মেলৰ আয়োজন কৰে ৷ ঘটনাক লৈ একাংশ সংবাদ পত্ৰত ভূল বাতৰি পৰিবেশিত হোৱা বুলি আৰক্ষীয়ে সংবাদ মেলত সাংবাদিকক অৱগত কৰে ৷ ঘটনাৰটোৰ সন্দৰ্ভত শিশুদ্বয়ৰ পিতৃ সুশীল চৌধুৰীয়ে বোকাখাত আৰক্ষী থানাত এক গোচৰ ৰজু কৰে ৷ আজিৰ সংবাদ মেলত বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপেশ্বৰ বৰা, যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গোবিন কাকতী, যানবাহন আৰক্ষী নিতুল ফুকন , জুৱেল গগৈৰ লগতে গোচৰীয় পক্ষৰ হৈ দিলীপ চৌধুৰীৰ সৈতে ভুক্তভোগী শিশু কেশৱ চৌধুৰী আৰু সোনাক্ষী চোধুৰী উপস্থিত থাকে ৷ আৰক্ষী আৰু ভূক্তভোগী শিশুদ্বয়ৰ মতে ঘটনাৰ দিনা দূৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া চাবৰ বাবে লতাবাৰীলৈ যোৱা দুই শিশুক সামান্য এক কাৰণতে শাৰিৰীক ভাৱে প্ৰহাৰ কৰে পিন্টু চাহুয়ে ৷ অত্যাধিক মদ্যপান কৰি থকা পিন্টু চাহুক শিশুদ্বয়ক মাৰপিট কৰাৰৰ ক্ষেত্ৰত স্থানীয় লোকে বাধা প্ৰদানো কৰে ৷ এই অৱস্থাত পথৰ কাষত পৰি আহতো হয় পিন্টু চাহু ৷ এই ঘটনাৰ পাচত পিন্টু চাহুৰ ভাতৃ সুনীল চাহুয়ে শিশুদ্বয়ৰ পিতৃ সুশীল চৌধুৰীৰ স্বৰস্বতী ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰো বিস্তৰ ক্ষতি সাধন কৰে ৷ ইফালে ঘটনাস্থলীতে আহত হোৱা পিন্টু চাহু বোকাখাত চিকিৎসালয়ত চিকিৎসাধীন হয় ৷ ব্যৱসায় প্ৰতিষ্ঠান আৰু নিজ পুত্ৰ কন্যাক আক্ৰমন কৰা ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষী থানাত গোচৰ দিয়ে সুশীল চৌধুৰীয়ে ৷ একেটা ঘটনাক লৈ বোকাখাত থানাত অন্য এক গোচৰ তৰে পিন্টু চাহুৰ পৰিবাৰ সংগীতা চাহুয়ে ৷ আজিৰ প্ৰেছ মেলত বোকাখাত আৰক্ষীয়ে জনোৱা মতে এই ঘটনাৰ পাচতেই আৰক্ষীয়ে পিন্টু চাহুৰ ভাতৃ সুনীল চাহুক শাৰিৰীকভাৱে প্ৰহাৰ কৰা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায় ৷ এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা বুলি কয় বোকাখাত আৰক্ষীয়ে ৷ এনে ভিত্তিহীন বাতৰিয়ে জন মানসত বোকাখাতৰ ভাৱমুৰ্তি বিনষ্ট কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে ৷ আজিৰ সংবাদ মেলত সাপজুৰিৰ স্থানীয় লোকেও পিন্টু আৰু সুনীল চাহুৰ বিৰুদ্ধে সাংবাদিকৰ আগত ভাষ্য দাঙি ধৰে আৰু কনমানী শিশুক কৰা অত্যাচাৰৰ বাবে দোষীক শাস্তি প্ৰদানৰো দাবী তোলে ৷ মন কৰিব লগীয়া যে ঘটনাৰ সবিশেষ বৰ্ণনাৰে ভি ডি অ’ ৰেকৰ্ডিং আৰু পিন্টু চাহুয়ে কনমানী শিশু দ্বয়ক কৰা নিৰ্মম অত্যাচৰো নিজ মুখে দাঙি ধৰে ৷

Related Articles

Leave a Reply

Close