অসমশীৰ্ষ

ভোটাৰ শুধৰনিৰ বাৱে ভোটাৰলৈ আহ্বান ওদালগুৰি জিলা প্ৰশাশনৰ

প্ৰথম খৱৰ,গুনজিৎ দাস,ওদালগুৰি:ভোটাৰ শুধৰনিৰ বাৱে ৰাইজক ক্ষীপ্ৰতাৰে আগবাঢি আহিবলৈ ভোটাৰ সকলক আহ্বান জনাইছে ওদালগুৰি জিলা প্ৰশাসনে। ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ নিৰ্বাচন বিভাগে আজি আয়োজন কৰা এক সংবাদ মেল সম্বোধন অতিৰিক্ত উপায়ুক্ত অমৰজৌতি বৰ্মনে প্ৰকাশ কৰে যে ভোটাৰ শুধৰনিৰ বাৱে নিৰ্বাচন আয়োগে ১ চেপ্তেম্বৰৰ পৰা ১৫ অক্তোৱৰ কাৰ্য কৰিছিল যদিও উক্ত সময়চোৱাত শুধৰনি কাম আশানুৰুপ নহোৱা বাৱে নিৰ্বাচন আয়োগে এই সময়সীমা ১৮ নৱেম্বৰলৈ বঢ়াই দিয়ে। ওদালগুৰি জিলাত ৭০ এটা অৰুনোদয় কেন্দ্ৰ থকাৰ কথা উল্লেখ কৰি জিলাখনৰ কেবাঠাইটো ভোটাৰ সহায়ক কেন্দ্ৰ স্থাপন কৰাৰ কথা প্ৰকাশ কৰে।ইয়াৰ উপৰি ভোটাৰ সকলে নিজাববীয়াকৈ মোবাইলৰ সহায়ত ভোটাৰ হেল্পলাইন এপচ আৰু ওৱেবপোৰটেল এন বি এচ প্ৰ জড়িয়তেও ভোটাৰ শুধৰনিৰ কাম কৰিব পাৰিব বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত বি এল ও সকলক ভোটাৰৰ ঘৰে ঘৰে প্ৰেৰন কৰি সহায় আৰু সজাগতা ব্যৱস্থা কৰিব বুলিও অতিৰিক্ত উপায়ুক্ত বৰ্মনে সংবাদ মেলত প্ৰকাশ কৰে। নিৰ্বাচন আয়োগৰ চফ্টৱেৰ ত অসমীয়া বানান শুধৰনিত দেখা দিয়া বিহংগতিৰ কথা সাংবাদিকে উল্লেখ কৰাত এইক্ষেত্ৰত ওদালগুৰি নিৰ্বাচন বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ তেও সংবাদমেলৰ জড়িয়তে আহ্বান জনায়। আনহাতে এই শুধৰনিৰ অন্তত ২৫ নৱেম্বৰৰ পুৰ্বেই শুধৰনি ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ হোৱাৰ কথা উল্লেখ কৰি কোনো ভোটাৰৰ দাবী আপত্তি থাকিলে ২৫ নৱেম্বৰৰ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত আৱেদন কৰিব পাৰিব বুলি তেও জানিবলৈ দিয়ে।সংবাদ মেলত ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া নিৰ্মল জৌতি শৰ্মা আৰু জিলা জনসংযোগ বিষয়া ৰিজেন্দ্ৰ ব্ৰহ্ম উপস্হিত থাকে।

Related Articles

Leave a Reply

Close