অসমশীৰ্ষ

মঙলদৈত ৰেডক্ৰছ চছাইটিৰ বানপীড়িতক সাহায্য বিতৰণ

প্ৰথম খবৰ,মঙলদৈ:  মঙলদৈত ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ মঙলদৈ শাখাৰ কাৰ্যলয়ত দৰঙৰ ৫০০ টি বানপীড়িত পৰিয়ালতথা বিশেষ ভাবে সক্ষম বৃদ্ধ,সৰ্বহাৰা সকলক বাচনি কৰি দৰং জিলাৰ তিনিটা ৰাজহ চক্ৰ ক্ৰমে মঙলদৈ ,ছিপাঝাৰ ,আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত পৰিয়ালক মঙলদৈ শাখাৰ তৰফৰ পৰা প্ৰতিটো পৰিয়ালক বাচনবৰ্তন ,তীৰপাল ,কম্বল আঠুৱা ,টাৱেল আদি বিতৰণ কৰে ৷এই হিতাধিকাৰী সকলক ৰাজহ চক্ৰ কাৰ্যলয়ৰ তৰফৰ পৰা বাচনি কৰা হৈছিল ৷অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক শাখাৰ উপদেষ্টা প্লাজমা বিজ্ঞানী ড°সৰ্বেশ্বৰ বুজৰ বৰুৱা ,দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া লৱ শৰ্মা ,প্ৰগেম মেনেজাৰ ৰাজ শৰ্মা ,চুপাৰ ভাইজাৰ মৃদুল শৰ্মা জ্যোতিময় মেধি জিলা শাখাৰ অধ্যক্ষ তথা কোষাধ্যক্ষ চন্দ্ৰচক্ৰবৰ্ত্তী ,সাংগঠনিক সম্পাদক জয়ন্ত শৰ্মাৰ লগতে কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close