অসমশীৰ্ষ

মঙলদৈৰ গাধোৱাত ৩য় বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

প্ৰথম খবৰ,মঙলদৈ:মঙলদৈৰ গাধোৱা চাপৰিত গাধোৱা উদয়ন সংঘ আৰু পুথিভড়াঁল ৰ উদ্যোগত স্বৰ্গীয় মৰহুম তফৰ মোল্লা আৰু হাজীতোৰাৱ আলীৰ সোৱঁৰণত বিগত বৰ্ষৰ দৰে এইবাৰো ৩য় বাৰ্ষিক প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা খনি অহা ইংৰাজী ১৩ অক্টোবৰৰ পৰা অনুষ্ঠিত কৰা হব ৷সেই নিমিত্তে এখনি শক্তি শালী পৰিচালনা সমিতি গঠন কৰা হৈছে ৷সমিতিৰ সভাপতি হিচাপে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু কাৰ্য্যকৰী সভাপতি হিচাপে থাকিব ড°চাহাবুদ্দিন আহমেদ ,সম্পাদক হজৰত আলী আৰু সদস্য হিচাপে উদয়ন সংঘৰ কৰ্ম কৰ্তাসকল ৷সংঘৰ সম্পাদক ইছল্লামুদি্দন আহমেদে জনোৱা মতে,উক্ত খেল সমুহত দৰং জিলাৰ উপৰি অন্যান্য প্ৰান্তৰ ৰ পৰা পাৰদৰ্শী ফুটবল দলে অংশ গ্ৰহণ কৰিব ৷সম্পাদক আহমেদে স্হানীয় ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে ৷

Related Articles

Leave a Reply

Close