অসমশীৰ্ষ

মঙলদৈৰ চমুৱাপাৰাত মুখ্যমন্ত্ৰীৰ ছাগলী ফাৰ্ম উদ্বোধন

প্ৰথম খবৰ,মঙলদৈ:মঙলদৈৰ চমুৱাপাৰাত মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে ছাগলী ফাৰ্ম ৷অসমৰ আলোচনা পন্থী আলফা ৰ এচাম নেতাই বন্দুক সংস্কৃতি এৰি স্ব নিয়োজিত হবৰ বাবে এই ছাগলী ফাৰ্ম খন গঢ়িতুলিছে ৷আলফা নেতা অনুপ চেতিয়া আৰু প্ৰাণজিৎ শইকীয়া ৰ নেতৃত্বত গঢ়িতোলা এই ফাৰ্ম খনত স্হানীয় ছাগলীৰ লগতে ৰাজস্থানৰ পৰা উন্নত জাতৰ ছাগলী ক্ৰয় কৰি অনা হৈছে ৷এই অনুষ্ঠানত অসমৰ কৃষি আৰু পশুপালন মন্ত্ৰী অটুলবৰা ,সাংসদ দিলীপ কুমাৰ শইকীয়া ,বিধায়ক গুৰুজ্যোতি দাস আৰু আলফাৰ প্ৰতিস্হাপক সম্পাদক অনুপ চেতিয়া ৷অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২১৮ জন হিতাধিকাৰীক এক লাখ টকাকৈ ৰাজ সাহায্য প্ৰদান কৰে আৰু সকলোকে কৃষি পশুপালন আৰু ব্যৱসায় কৰিবলৈ আহ্বান জনাই।

Related Articles

Leave a Reply

Close