অসমশীৰ্ষ

মঙলদৈ ত “আপাহৰ স্বৰলিপি” উন্মোচন

প্ৰথম খবৰ,মঙলদৈ:মঙলদৈ প্ৰেছ ক্লাৱত মঙলদৈৰ উদীয়মান চিন্তাশীল লিখক মুনিন্দ্ৰ বৈশ্যৰ “আপাহৰ স্বৰলিপি ” শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা চিকিৎসক ডা°অমৰেন্দ্ৰ নাৰায়ণ দেবে ৷সভাৰ আৰম্ভণিতে৷এই বেলি অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন বটাঁপ্ৰাপ্ত সত্ৰাধিকাৰ গোবিন্দৰাম ভৰালী য়ে ভক্তি পদ এটিৰে সভাখন আৰম্ভ কৰে ৷সাংবাদিক মকছেদ আলিয়ে আতঁ ধৰা গ্ৰন্থ উন্মোচনী সভাত মঙলদৈৰ বিশিষ্ট লেখিকা বৰদা শইকীয়াই গ্ৰন্থ আৰুমানব জীৱনৰ মাজত ইয়াৰ প্ৰভাৱৰ ওপৰত চমু বক্তব্য আগবঢ়াই নবীন লিখক মুনিন্দ্ৰ বৈশ্যৰ এই প্ৰচেষ্টা ৰ শলাগ লয় ৷সভাত বিশিষ্ট সাংবাদিক কুমুদ তালুক দাৰে সাম্প্ৰতিক সময়ত গ্ৰন্থ অধ্যয়ন প্ৰভাৱ সমাজত কমি অহা বুলি প্ৰসংগ ক্ৰমে কয় আৰু গুৱাহাটীৰ পান বজাৰৰ গ্ৰন্থৰ ব্যৱসায়ৰো কিছু পৰিমাণে লাভালাভৰ ফলাফল কমি অহা পৰিলক্ষিত হৈছে ৷গ্ৰন্থ প্ৰকাশন ৰ মালিক সকলে যাৰফলত৷কৰ্মচাৰীৰ সংখ্যা কমোৱা দেখা গৈছে বুলিও বক্তব্যত উল্লেখ কৰে ৷তথাপিও অবশ্যে গ্ৰন্থ ৰচনাৰ পৰিসৰ কমিযোৱা নাই ইয়াৰ৷প্ৰমাণ মঙলদৈৰ নবীন লিখক মুনিন্দ্ৰ বৈশ্যৰ গ্ৰন্থ প্ৰকাশেই উদাহৰণ ৷ সভাত দৰঙী লোক সংস্কৃতিৰ সাধক তৰুণ আজাদ ডেকাই সাম্প্ৰতিক সময়ত অসমীয়া ভাষা ,সংগীত নৃত্য সকলোতে৷অপ্ৰভংশ শব্দৰ ব্যৱহাৰ কৰি তথাকথিত এচাম লোকে জাতীয় সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে ৷এইক্ষেত্ৰত অসম সাহিত্য সভাই গুৰুত্ব
প্ৰদান
কৰা৷উচিত৷লগতে তৰুণ আজাদ ডেকাই ভাষা সংস্কৃতিৰ মাজৰ আসোৱা সমূহৰ বিষয়ে বিষদ বক্তব্য
দাঙি ধৰি ,সুধাকণ্ঠ ভুপেন হাজৰিকাৰ গীত পৰিবেশন কৰি উপস্থিত গ্ৰন্থ প্ৰেমীক আনন্দ দিয়ে ৷ সভাত কবি গীতিকাৰ চহিৰ ভুঞা ,ডা°মহাদেৱ চহৰীয়া ,জিলা সাহিত্য সভাৰ সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা ,সাংবাদিক মুকুট ৰাজ শৰ্মা দৰংজিলা ছাত্ৰ সন্হাৰ সভাপতি খনীন্দ্ৰ ৰাজবংশী য়েও বক্তব্য ৰাখে ৷সভাত অৱসৰী অধ্যক্ষ হৰেশ্বৰ বৈশ্য ,সাংবাদিক আছাদ আলি ,অশ্বিনীকুমাৰ শৰ্মা ,উজ্জ্বল জ্যোতি ডেকা আৰু কেবাগৰাকী গুণ মুগ্ধ উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close