অসমশীৰ্ষ

মাইলু দিছাওত মাটিৰ দমৰ তলত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,মঙলদৈ: পশ্চিম কাৰ্বি আংলং-হোজাই জিলা সীমান্তৰ মাইলু দিছাওৰ ৰেলপথৰ দাঁতিত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰ। ডাম্পাৰেৰে পেলোৱা মাটিৰ দমৰ তলৰ পৰা উদ্ধাৰ মৃতদেহটো। মৃত লোকজন মাইলু দিছাও নেপালী গাঁৱৰ সুৰজমল চৌহান বুলি চিনাক্ত। ঘটনাস্থলীত কেইবাখনো ডাম্পাৰ ব্যৱহাৰ কৰি উজনিমুৱা ৰেলপথ নিৰ্মাণৰ কাম কৰি থকা হৈছে। চৌহান ৰেলপথ নিৰ্মাণ কাৰ্যত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল।কিন্তু এনেদৰে ডাম্পাৰেৰে পেলোৱা মাটিৰ দমৰ তলত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি ৰহস্য আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ। ইতিমধ্যে উদ্ধাৰ হোৱা মৃতদেহটোৰ মৰুণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে উদালি আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close