অসমশীৰ্ষ

মাছ ধৰাৰ পাছত ল’বলগীয়া ব্যৱস্থাপনা” শীৰ্ষক প্ৰশিক্ষণ

প্ৰথম খবৰ , বুলন চন্দ্ৰ নাথ: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰহাস্থ মীন মহাবিদ্যালয়ত তিনিদিনীয়া দিনজোৰা কাৰ্যসূচীৰে “মাছ ধৰাৰ পাছত ল’বলগীয়া ব্যৱস্থাপনা”ৰ সন্দৰ্ভত তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰাপ্ত বিৱৰণী অনুসৰি, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অনুসূচিত জাতি উপ আঁচনিৰ অধীনত পঞ্জাৱৰ লুধিয়ানাস্থিত মৎস্য শিক্ষা সংস্থান চিফেটৰ উদ্যোগত আৰু মীন মহাবিদ্যালয়ৰ সহযোগত ১৭ অক্টোবৰলৈকে ৰূপায়ণ হ’ব লগা প্ৰশিক্ষণটি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। দিনৰ প্ৰায় ১০ বজাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ জলসংবৰ্ধন বিভাগৰ সহকাৰী অধ্যাপক তথা প্ৰশিক্ষণটিৰ স্থানীয় সমন্বয়ক সংগীপ্ৰাণ বৈশ্যই। আদৰণী ভাষণ আগবঢ়াই বিজ্ঞানগুৰু ড০ কৃষ্ণকান্ত তামুলীয়ে। ভাষণ প্ৰসংগত তামুলীয়ে প্ৰশিক্ষণটিত অংশগ্ৰহণ কৰা নগাঁও আৰু মৰিগাঁও জিলাৰ অৰ্ধ শতাধিক মীন পালকক শলাগ লোৱাৰ লগতে চিফেটে প্ৰশিক্ষণৰ ক্ষেত্ৰত মীন মহাবিদ্যালয়ক বাছনি কৰাৰ বাবে কৃতজ্ঞতা জনায়। তদুপৰি তামুলীয়ে অসমত মীন প্ৰযুক্তি কৌশল আৰু ইয়াৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে। কাৰ্যসূচীটিত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞাই উপস্থিত থাকি প্ৰশিক্ষণটিয়ে মীন পালক সকলক যথেষ্ট লাভাম্বিত কৰিব বুলি মতপোষণ কৰাৰ লগতে চৰকাৰী বিভিন্ন আঁচনিৰ সন্দৰ্ভত ব্যক্তব্য আগবঢ়ায়। ইয়াৰ পিছতে চিফেটৰ দ্বাৰা ৰূপায়িত অনুসূচিত জাতি উপ আঁচনিৰ ন’ডেল বিষয়া আৰমান উল্লাহ মুজাদাদ্দিয়ে প্ৰশিক্ষণটিৰ লক্ষ্য, উদ্দেশ্য আৰু আদৰ্শৰ বিষয়ে সকলোকে উদ্দেশ্যি ভাষণ আগবঢ়ায়। সভাত মীন মহাবিদ্যালয়ৰ মীন সংসাধন প্ৰযুক্তি বিদ্যা বিভাগৰ মূৰব্বী অধ্যাপক ড০ প্ৰাণজ্যোতি শৰ্মাই মাছৰ পৰা মূল্য সংযোজিত সামগ্ৰী উৎপাদন কৰি কিদৰে স্বাৱলম্বিতাৰ পথ প্ৰসস্ত কৰিব পাৰি তাৰ বিষয়ে বিশদভাৱে সকলোকে অৱগত কৰে। স্মৰ্তব্য যে, মহাবিদ্যালয়ৰ সমূহ শিক্ষক- শিক্ষয়িত্ৰীৰ উপস্থিতিয়ে প্ৰশিক্ষণৰ উদ্বোধনী কাৰ্যসূচীটি সাফল্যমণ্ডিত কৰি তোলে।

Related Articles

Leave a Reply

Close