অসমশীৰ্ষ

মাছ পাৰা সোনকোষ জিপিৰ সভানেত্ৰীৰ আজব কাণ্ড

প্ৰথম খবৰ,বগৰিবাৰী:পশ্চিম বিলাসীপাৰাৰ মহামায়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত মাছপাৰা সনকোষ জিপিৰ সভানেত্ৰী মৰ্ত্তুজা বেগমে পঞ্চায়তৰ নিয়ম নীতি উলংঘা কৰি এম জি এন ৰেগা আচঁনিৰ সকলো কাম কাজ নিজৰ খিয়াল খূচিমতে কৰি বাকী প্ৰতিনিধি সকলৰ সৈতে একাংশ জৱকাৰ্ড শ্ৰমিক হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উঠিছে । প্ৰাপ্ত অভিযোগ মৰ্মে ২০০৫/৬ চনৰ পঞ্চায়তি এক্ট আৰু সংস্কৰণ মতে, এমজিএনৰেগা আচঁনিৰ ২০% শতাংশ জিলাপৰিষদৰ সদস্য,৩০% শতাংশ আঞ্চলিক পঞ্চায়তৰ সদস্য, আৰু ৫০% শতাংশ কামৰ তদাৰকি-চোৱাচিতা পঞ্চায়তে কৰিব । তেনেক্ষেত্ৰত মাছপাৰা সনকোষ জিপিৰ সভানেত্ৰীয়ে সকলো কাম-কাজ নিজৰ আত্নীয়ৰ দ্বাৰা পৰিচালিত তথা স্বজন-তোষন নীতি অৱলম্বন কৰি দুৰ্নীতিৰ পাহাৰ গঢ়িছে বুলি ৰাইজে অভিযোগ তোলে । সভানেত্ৰী জনীয়ে হকে-নাহকে কাম নকৰাকৈ আচনিৰ ধন আত্মসাত কৰাৰ অলেখ উদাহৰণ আছে । পঞ্চায়তটোৰ সভানেত্ৰীৰ বিয়াগোম কেলেংকাৰীত বি,ডি,অ, গাণনিক বিষয়া, কণিষঠ অভিযন্তা আৰু পঞ্চায়ত সচীব জৰিত বুলি ৰাইজে আঙুল টোৱাইছে ।

Related Articles

Leave a Reply

Close